
কামৰূপ, ২০ জুলাই (হি.স.)। ৰঙিয়াত নিৰুদ্দেশৰ ঘটনা।
ৰঙিয়াৰ কাছাৰী শৌলমাৰীৰ পৰা ১৬ বছৰীয়া আজিজুল হক নামৰ এজন কিশোৰ সোমবাৰে ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে।
যুৱক জনৰ কোনো সন্ধান বৰ্তমানো লাভ কৰিব পৰা হোৱা নাই।
উক্ত ঘটনাক কেন্দ্ৰ কৰি গভীৰ চিন্তাত পৰিছে পৰিয়ালৰ লোকসকল।
আত্মীয়-স্বজন আৰু স্থানীয় লোকেও বিভিন্ন ঠাইত বিচাৰ-খোচাৰ অব্যাহত ৰাখিছে।
পৰিয়ালৰ লোকে জনোৱামতে যুৱকজন মানসিক ভাৱে কিছু দূৰ্বল ।
কোনো লোকে যদি আজিজুল হকক ক'ৰবাত দেখা পায় বা কোনো তথ্য জানে, তেন্তে পৰিয়ালৰ ৯৩৬৫০৮৮১৬৬ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা