ৰঙিয়াত ড্ৰাগছ আসক্তৰ প্ৰহাৰত নিহতএজন
কামৰূপ, ২০জুলাই (হি.স.)। অপৰাধীৰ ৰম্যভূমি হৈ পৰিছে ৰঙিয়া । ৰঙিয়া আৰক্ষীৰ দুৰ্বল ভূমিকাৰ বাবেই বৃদ্ধি পাইছে অপৰাধ । আৰক্ষীক পৰোৱা নকৰি ৰাজপথত ড্ৰাগছ আসক্তই নিৰীহ লোকক কৰিছে মাৰধৰ ,উঠাই লৈ গৈছে কনমানি শিশু। শেহতীয়া খবৰ অনুসৰি ৰঙিয়া মিলৰোডৰ ইণ্ডিয়
ৰঙিয়াত ড্ৰাগছ আসক্তৰ প্ৰহাৰত নিহতএজন


কামৰূপ, ২০জুলাই (হি.স.)। অপৰাধীৰ ৰম্যভূমি হৈ পৰিছে ৰঙিয়া । ৰঙিয়া আৰক্ষীৰ দুৰ্বল ভূমিকাৰ বাবেই বৃদ্ধি পাইছে অপৰাধ । আৰক্ষীক পৰোৱা নকৰি ৰাজপথত ড্ৰাগছ আসক্তই নিৰীহ লোকক কৰিছে মাৰধৰ ,উঠাই লৈ গৈছে কনমানি শিশু। শেহতীয়া খবৰ অনুসৰি ৰঙিয়া মিলৰোডৰ ইণ্ডিয়া গে'টত ড্ৰাগছ আসক্তই আক্ৰমণ কৰা বিষু দাসৰ চিকিৎসালয়ত মৃত্যু হৈছে।

বিগত ৫ দিন ধৰি আক্ৰমণত গুৰুতৰভাৱে আহত হৈ সংকট জনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হৈ আছিল বিষু দাস । বিগত ১৩ জুলাইৰ নিশা চিকিৎসালয়ত ভৰ্তি হৈ থকা অসুস্থ মাতৃৰ বাবে ঘৰৰ পৰা নিশাৰ আহাৰ লৈ গৈ আছিল বিষু দাসে । চাইকেলেৰে গৈ থকা বিষু দাসক কোনো কাৰণ নোহোৱাকৈ আগচি ধৰি আক্ৰমণ কৰিছিল ভবেন দাস নামৰ স্কুটি লৈ অহা এজন ড্ৰাগছ আসক্তই ।

মানুহৰ সন্মুখতে অতি নৃশংস ভাৱে মাটিত বগৰাই বগৰাই মাৰিছিল বিষু দাস নামৰ ৫৬ উৰ্ধ্বৰ বয়সীয়া লোকজনক । আক্ৰমণৰ এই ঘটনা অতি নিৰ্লজ্জ ভাৱে চাই আছিল একাংশ লোকে । আৰক্ষীৰ তৎপৰতাত ভবেন দাসক গ্ৰেপ্তাৰ কৰা হল যদিও আজি সোমবাৰে চিকিৎসালয়ত মৃত্যু হয় ৰঙিয়াৰ ৭ নং ৱাৰ্ডৰ বাসিন্দা বিষু দাসৰ ।

উক্ত ঘটনাই ৰঙিয়াত তীব্ৰ প্ৰতিক্ৰিয়া আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande