
শিৱসাগৰ, ২০ জুলাই (হি.স.)। শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ চোনম ৱাংচুকৰ সমৰ্থনত কালি সন্ধিয়া কাৰ্য্যসূচী গ্ৰহণ।চোনম ৱাংচুকৰ সমৰ্থনত আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন। ৰাজ্যজুৰি গণতান্ত্রিক তথা অহিংস পন্থাৰে অনশন কাৰ্যসূচী ৰূপায়ন কৰি থকা চোনম ৱাংচুকৰ সমৰ্থন সদৌ অসম ছাত্ৰ সন্থা। অসমৰ সকলো জিলা সদৰৰ লগতে শিৱসাগৰতো মম শিখা প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন। আমাৰ মত চিন্তা আদৰ্শৰ লগতে প্ৰস্তাৱৰ পাৰ্থক্য আছে যদিও সকলো একাষৰীয়া কৰি সকলোৱে চোনম ৱাংচুক ডাঙৰীয়াই যিটো বিষয়কলৈ সংগ্ৰামত ব্ৰতী হৈছে এইটো দেশৰ কোটি কোটি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতকলৈ জড়িত হৈ থকা এটা বিষয়।
দেশৰ প্ৰশ্নকাকত মাফিয়াৰ উৎপাতৰ সমান্তৰালভাৱে পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰাৰ যিটো চিণ্ডিকেট ব্যৱস্থা গঢ়ি তোলা হল সেইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হয়,পৰীক্ষাৰ প্ৰশ্ন কাকত আগতীয়াকৈ ওলাই যায় আৰু পৰীক্ষা বাতিল হয়। ইয়াৰ পৰা বহু ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যাৰ দৰে চৰম পন্থা বাচি ল'বলগা হৈছে। চোনম ৱাংচুকে ডাঙৰীয়াই সেই গোটেই বিষয়টোক লৈ এটা আন্দোলন চলাই গৈছে আৰু তেখেতক বলপূৰ্বকভাৱে আন্দোলনথলীৰ পৰা অনশনথলীৰ পৰা উঠাই লৈ যোৱা হৈছে। এই গোটেই ঘটনা গৰিহণা যোগ্য। চৰকাৰে এই গোটেই বিষয়টো অহংকাৰৰ পৰিৱৰ্তে তেওঁলোকে আলোচনাৰ দুৱাৰ মুকলি কৰিব লাগিছিল বুলি মন্তব্য সমীৰণ ফুকনৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ