বিশ্বনাথৰ বালিচাং, বৰপাম তিনি আলি সংযোগী পথৰ দুৰৱস্থা
বিশ্বনাথ, ২০ জুলাই (হি.স.)। বিশ্বনাথৰ বালিচাং, বৰপাম তিনি আলি সংযোগী পথৰ দুৰবস্থা। এজিএইছ কনষ্ট্ৰাকচন নামৰ পথ নিৰ্মাণ কাৰী সংস্থাই আধাতে কাম সামৰাৰ বাবেই যমৰ যাতনা ভুক্তভোগী ৰাইজৰ। বিশ্বনাথৰ সমষ্টিৰ সদা ব্যস্ত পথ বালিচাং বৰপাম তিনি আলি সংযোগী পথছোৱ
বিশ্বনাথৰ বালিচাং, বৰপাম তিনি আলি সংযোগী পথৰ দুৰৱস্থা


বিশ্বনাথ, ২০ জুলাই (হি.স.)। বিশ্বনাথৰ বালিচাং, বৰপাম তিনি আলি সংযোগী পথৰ দুৰবস্থা। এজিএইছ কনষ্ট্ৰাকচন নামৰ পথ নিৰ্মাণ কাৰী সংস্থাই আধাতে কাম সামৰাৰ বাবেই যমৰ যাতনা ভুক্তভোগী ৰাইজৰ। বিশ্বনাথৰ সমষ্টিৰ সদা ব্যস্ত পথ বালিচাং বৰপাম তিনি আলি সংযোগী পথছোৱাত বৰ্তমান যমৰ যাতনা ভুগিছে ৰাইজে । এই অভিযোগ উত্থাপিত হৈছে এজিএইছ কনষ্ট্ৰাকচন নামৰ পথ নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে।

উল্লেখ্য যে এই ভৰ বাৰিষাত পথ নিৰ্মাণ কৰা সংস্থা টোৱে আধাতে নিৰ্মানকাৰ্য সামৰাৰ বাবে বালিচাং বৰপাম তিনিআলি সংযোগী পথছোৱা হৈ পৰিছে বিপদ সংকুল। এয়া হল বিশ্বনাথ জিলাৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনস্ত লোকনিৰ্মাণ (পথ)বিভাগৰ কৰ্মকাণ্ড ৷ ২০২৩/২০২৪ বৰ্ষত এমএমইউপিপিএন আচনিৰ অধীনত বালিচাং লচমন বস্তিৰ পৰা বৰপাম তিনিআলিলৈ যোৱা পথছোৱা নিৰ্মাণকাৰ্য আজিও সম্পুৰ্ণ হৈ নুঠিল ৷ বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰৰ মইমতালিৰ বাবে পথৰ নিৰ্মান কাৰ্য হৈ পৰিছে স্থবিৰ ৷ যাৰ ফলত ছাত্ৰ-ছাত্ৰীকে ধৰি ৰাইজে ভুগি আহিছে যমৰ যাতনা ৷ অৰ্ধনিৰ্মিত পথছোৱা হৈ পৰিছে এতিয়া পুখুৰী সদৃশ ৷ পথ নে পানীৰে ভৰা খাল ধৰিবই নোৱাৰি ৷ বৃহৎ গাত আৰু বোকাময় হৈ পৰা পথটিক লৈ ৰাইজে হৈ পৰিছে চিন্তিত ৷ ৰাইজৰ অভিযোগ বিভাগীয় বিষয়াকো কেৰেপ নকৰা ঠিকাদাৰৰ মইমতালিৰ বাবেই বালিচাংৰ পৰা বৰপাম তিনিআলিলৈ যোৱা পথছোৱা নিৰ্মানকাৰ্য লেহেমীয়া আৰু অতি নিম্নমানৰ৷ বৰ্তমান নিৰ্মাণ কাৰ্য প্ৰায় দুমাহ ধৰি বন্ধ হৈ আছে ৷ দুৰ্নীতিৰে চৰকাৰী ধনৰ শৰাধ কৰিব বিচৰা এজিএইছ কনষ্ট্ৰাকচন নামৰ নিৰ্মানকাৰী সংস্থাই যিছোৱা পথ নিৰ্মাণ কৰিছে সেয়াও ব্যাপক অনিয়ম আৰু চৰম বিসংগতি পুৰ্ন।

উল্লেখ্য যে বিধায়ক প্ৰমোদ বৰঠাকুৰৰ দিনৰে পৰা নৱনিৰ্বাচিত বিধায়ক পল্লৱলোচন দাসৰ কাৰ্যকাললৈ পথছোৱাৰ একে ৰূপ ৷ সেয়া হল অৰ্ধনিৰ্মিত৷ কোনো পৰিবৰ্তন নহল৷ ইফালে বিভাগীয় বিষয়া, অভিযন্তা চকুমুদা কুলিৰ ভাওত ৷ ৰাইজে এতিয়া বিশ্বাস আৰু আস্থাত কাক লব? এতিয়া ৰাইজৰ মাজত লাখটকীয়া প্ৰশ্ন বিশ্বনাথ জিলা ক্ষেত্ৰীয় পথ সংমণ্ডলৰ বালিচাংৰ পৰা বৰপাম তিনিআলিলৈ যোৱা পথছোৱা নিৰ্মান সম্পুৰ্ণ হৈ উঠিবনে?

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande