
ধুবুৰী, ২০ জুলাই (হি.স.)।
ধুবুৰীৰ আফ্ৰিন হোটেলত অনলাইন জুৱাৰ আড্ডাত আৰক্ষীৰ অভিযান।
চাৰি অভিযুক্তক গ্ৰেপ্তাৰ।
ধুবুৰী চহৰৰ এন. এছ. ৰোডস্থিত আফ্ৰিন হোটেলত সোমবাৰে ধুবুৰী আৰক্ষীয়ে চলোৱা এক অভিযানত অবৈধ অনলাইন জুৱা চক্ৰৰ সন্ধান লাভ কৰি চাৰি জনক গ্ৰেপ্তাৰ কৰাৰ লগতে ছয়টা মোবাইল ফোন জব্দ কৰিছে।
অভিযানত আফ্ৰিন হোটেলৰ পৰা পৰা হাৰাণ আলী (২০), আব্দুল মতিন (২০), হোছেন আলী (২০) আৰু ওছমান গনি (২২)ক আটক কৰা হয়। আৰক্ষীৰ অভিযোগ অনুসৰি, তেওঁলোক উক্ত কোঠাটোৰ পৰা অবৈধ অনলাইন জুৱাৰ কাৰ্যকলাপ চলাই আছিল।
অভিযানত আৰক্ষীয়ে অভিযুক্ত সকলৰ দখলৰ পৰা ছয়টা মোবাইল ফোন জব্দ কৰে। জব্দ কৰা মোবাইল সমূহৰ প্ৰাথমিক পৰীক্ষাত আমেৰিকান ডলাৰকে ধৰি বিভিন্ন বিদেশী মুদ্ৰাত সংঘটিত সন্দেহযুক্ত লেনদেনৰ তথ্য উদ্ধাৰ হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত অধিক তথ্য সংগ্ৰহৰ বাবে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা