বৰ্ষাকালিন অধিবেশনৰ প্ৰথম দিনাই এনইইটি আৰু ৰাম মন্দিৰৰ প্ৰণামীক লৈ বিৰোধীৰ হুলস্থুল
নতুন দিল্লী, ২০ জুলাই (হি.স.)। সংসদৰ বৰ্ষাকালিন অধিৱেশনৰ প্ৰথম দিনাই এনইইটি-ইউজিৰ কাগজ ফাদিল আৰু অযোধ্যাৰ শ্ৰীৰাম মন্দিৰত প্ৰণামী চুৰিকে ধৰি বিভিন্ন বিষয়ক লৈ বিৰোধীয়ে লোকসভা আৰু ৰাজ্যসভা উভয়তে হুলস্থুলৰ সৃষ্টি কৰে। এই হুলস্থুলৰ বাবে অধিৱেশন আৰম
लोकसभा


নতুন দিল্লী, ২০ জুলাই (হি.স.)। সংসদৰ বৰ্ষাকালিন অধিৱেশনৰ প্ৰথম দিনাই এনইইটি-ইউজিৰ কাগজ ফাদিল আৰু অযোধ্যাৰ শ্ৰীৰাম মন্দিৰত প্ৰণামী চুৰিকে ধৰি বিভিন্ন বিষয়ক লৈ বিৰোধীয়ে লোকসভা আৰু ৰাজ্যসভা উভয়তে হুলস্থুলৰ সৃষ্টি কৰে। এই হুলস্থুলৰ বাবে অধিৱেশন আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে দুয়োটা সদনৰ কাৰ্য্যবিধি দুপৰীয়া ১২ বজালৈ স্থগিত ৰখা হয় ।

এনইইটি-ইউজিৰ কাগজ ফাদিলৰ বিষয়টো উত্থাপন কৰি ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খৰ্গে কয় যে যন্তৰ মন্তৰত গোট খোৱা ছাত্ৰ-ছাত্ৰীসকলৰ দাবীৰ চাপ দমন কৰা হৈছে আৰু তেওঁলোকক লাঠিচালনা কৰা হৈছে। সদনত এই সন্দৰ্ভত আলোচনাৰ দাবী জনায়। বিৰোধীৰ হুলস্থুলৰ মাজতে অধ্যক্ষই সদন দুপৰীয়া ১২ বজালৈ স্থগিত ৰাখে ।

ইফালে লোকসভাত বিৰোধী দলৰ সাংসদসকলে এনইইটি-ইউজি কাগজ ফাদিল, অযোধ্যাৰ শ্ৰীৰাম মন্দিৰত প্ৰসাদ চুৰি, আৰু অন্যান্য বিষয়ক লৈ আলোচনাৰ দাবীত শ্লোগান উত্থাপন কৰে। বহু সাংসদে পোষ্টাৰ আৰু বেনাৰ লৈ সদনত প্ৰৱেশ কৰে । ধাৰাবাহিক হুলস্থুলৰ বাবে সদনৰ কাৰ্য্যবিধি মাত্ৰ প্ৰায় ১২ মিনিট সময় চলিছিল, তাৰ পিছত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কাৰ্য্যবিধি দুপৰীয়া ১২ পৰ্যন্ত স্থগিত ৰাখিছিল।

উল্লেখযোগ্য যে ১৩ আগষ্টলৈকে সংসদৰ মৌচুমী অধিৱেশন চলি থাকিব। এই সময়ছোৱাত মুঠ ১৯খন বৈঠকৰ দিন ধাৰ্য কৰা হৈছে। এই অধিৱেশনত আয়কৰ সংশোধনী বিধেয়ক, ৰাষ্ট্ৰীয় সন্মানৰ অপমান প্ৰতিৰোধ (সংশোধনী) বিধেয়ক, উচ্চতম ন্যায়ালয় (ন্যায়ৰ সংখ্যা) সংশোধনী বিধেয়ককে ধৰি সাতখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত কৰাৰ প্ৰস্তুতি চলাইছে।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande