
কাৰ্বি আংলং, ২০ জুলাই (হি.স.)। কাৰ্বি পাহাৰত বান। হঠাৎ ওফন্দি উঠিছে দিখাৰু-কৰকান্ঠি-মহামায়া নৈ। শ-শ হেক্টৰ কৃষিভূমি বানৰ তলত, পশুধনৰো বিস্তৰ ক্ষতি। ব্যাহত যাতায়ত ব্যৱস্থা, বন্ধ ২৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ
। এইবাৰ নৈ-উপনৈৰ বাঢ়নি পানীয়ে তাণ্ডৱ চলাইছে কাৰ্বি পাহাৰত। যোৱা নিশা পাৰ্শ্বৱৰ্তী পাহাৰত হোৱা মুষলধাৰ বৰষুণৰ ফলত ফেনেফোটকাৰে বাঢ়িবলৈ লৈছে নৈ-উপনৈসমূহৰ জলস্তৰ। যাৰ পৰিণতিত হঠাৎ ওফন্দি উঠা দিখাৰু, মহামায়া আৰু কৰকান্ঠি নৈৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে বৃহত্তৰ ডকমকা অঞ্চল।
আনহাতে বানপানীত মাছ ধৰিবলৈ গৈ এজন যুৱকৰ সলিল সমাধি ঘটিছে। ইপিনে ব্যাহত যাতায়ত ব্যৱস্থা। ঘটনাস্থলীত উপস্থিত জিলা আয়ুক্তৰ লগতে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু তিছ'। কাৰ্বি পাহাৰত এতিয়া বানৰ তাণ্ডৱ। বানত বুৰ গৈছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি। বিস্তৰ ক্ষতিসাধন হৈছে জনধন আৰু পশুধনৰো। ব্যাহত যাতায়ত ব্যৱস্থা, প্ৰশাসনে বন্ধ কৰিলে ২৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ।
আচলতে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট আৰু ডিফু বিধান সভাৰ সমষ্টিৰ অন্তৰ্গত কেইবাখনো গাওঁ এতিয়া জলমগ্ন। বিগত কিছুদিন ধৰি পাৰ্শ্বৱৰ্তী পাহাৰত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত হঠাৎ ওফন্দি উঠিছে দিখাৰু, মহামায়া আৰু কৰকাণ্ঠি নৈ। যাৰ পৰিণতিত হাবেৰাম ৰংফাৰ গাঁও, দেঙচি টকবি, পি. ডব্লিউ. ডি. কলনী, হৰি তাৰ' গাঁও, মেনচিং ৰংপি, ৰংপি কেথে গাঁও, লক্ষণ টকবি গাঁও, মহমায়া ছিং টেৰণ গাঁও, এটচো বে' গাঁও, আঘোনা তিমুং গাঁও, ভয় হানচে, ডেকাচং, দান পাহাৰ, দং কাৰ্নুক গাৰো বস্তি, জেং ৰংহাং গাঁও, দিংচো টেৰাং গাঁও, বে' কুলা গাঁও, বনদং গাঁও, ৰংপি গাঁও, মেন তাৰ' গাঁও, কাচুৰি ৰংপি গাঁও, মন তিমুং গাঁও, ডকমকা বজাৰ, ৰামপ্ৰসাদ গাঁও, হৰি তাৰো গাঁৱকে আদি কৰি চল্লিছখনৰো অধিক গাঁও বাঢ়নি পানীয়ে বুৰাই পেলোৱাৰ লগতে একাধিক ঘৰ-দুৱাৰো জলমগ্ন হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা