চোনাম ৱাংচুকৰ সমৰ্থনত হাটশিঙিমাৰীত ছাত্ৰৰ প্ৰতিবাদ, কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী
দক্ষিণ শালমাৰা , ২০ জুলাই (হি.স.)। চোনাম ৱাংচুকৰ সমৰ্থনত হাটশিঙিমাৰীত ছাত্ৰৰ প্ৰতিবাদ, শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী চোনাম ৱাংচুকৰ সমৰ্থনত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত ৰাজপথলৈ ওলাই আহিল হাটশিঙিমাৰী মহাবিদ্যালয় ছাত্ৰ ইউনিয়নৰ সদস্য আৰু
চোনাম ৱাংচুকৰ সমৰ্থনত হাটশিঙিমাৰীত ছাত্ৰৰ প্ৰতিবাদ, কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী


দক্ষিণ শালমাৰা , ২০ জুলাই (হি.স.)। চোনাম ৱাংচুকৰ সমৰ্থনত হাটশিঙিমাৰীত ছাত্ৰৰ প্ৰতিবাদ, শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী

চোনাম ৱাংচুকৰ সমৰ্থনত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত ৰাজপথলৈ ওলাই আহিল হাটশিঙিমাৰী মহাবিদ্যালয় ছাত্ৰ ইউনিয়নৰ সদস্য আৰু ছাত্ৰ–ছাত্ৰী সকল ।

হাটশিঙিমাৰী মহাবিদ্যালয় ছাত্ৰ ইউনিয়নৰ উদ্যোগত মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখলৈ এক প্ৰতিবাদী সমদল উলিওৱা হয়।

সমদলত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন শ্লোগান দি চোনাম ৱাংচুকৰ দাবীৰ প্ৰতি সমৰ্থন জনায়।

প্ৰতিবাদকাৰী সকলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী জনোৱাৰ লগতে শিক্ষা ব্যৱস্থা আৰু শিক্ষাৰ্থীৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ আহ্বান জনায়। প্ৰতিবাদী কাৰ্যসূচীত শ্লোগানেৰে হাটশিঙিমাৰীৰ আকাশ-বতাহ কপাই তোলে ।

চোনাম ৱাংচুকৰ উত্থাপন কৰা দাবীৰ বিষয়ে গুৰুত্ব সহকাৰে বিবেচনা কৰা উচিত আৰু গণতান্ত্ৰিকভাৱে উত্থাপিত দাবীৰ প্ৰতি চৰকাৰে ইতিবাচক সঁহাৰি জনাব লাগে মন্তব্য কৰে প্ৰতিবাদী ছাত্ৰ সকলে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande