মাজুলীৰ কমলাবাৰী বৰহোলাত বন্যহস্তীৰ আক্ৰমণত এজন গুৰুতৰভাৱে আহত
মাজুলী, ২০ জুলাই (হি.স.)। মাজুলীৰ কমলাবাৰী বৰহোলাত বন্যহস্তীৰ আক্ৰমণত এজন লোক গুৰুতৰভাৱে আহত । আল্লাউদ্দিন আহমেদ নামৰ ব্যক্তিজনে আজি পুৱা ৪ বজাত প্ৰাতঃভ্ৰমণ কৰিবলৈ আহোঁতে মুখামুখি হোৱাত হাতীয়ে ব্যক্তিজনক আক্ৰমণ কৰাত এখন হাত ভাগি যোৱাৰ লগতে পিঠি আ
মাজুলীৰ কমলাবাৰী বৰহোলাত বন্যহস্তীৰ আক্ৰমণত এজন গুৰুতৰভাৱে আহত


মাজুলী, ২০ জুলাই (হি.স.)। মাজুলীৰ কমলাবাৰী বৰহোলাত বন্যহস্তীৰ আক্ৰমণত এজন লোক গুৰুতৰভাৱে আহত । আল্লাউদ্দিন আহমেদ নামৰ ব্যক্তিজনে আজি পুৱা ৪ বজাত প্ৰাতঃভ্ৰমণ কৰিবলৈ আহোঁতে মুখামুখি হোৱাত হাতীয়ে ব্যক্তিজনক আক্ৰমণ কৰাত এখন হাত ভাগি যোৱাৰ লগতে পিঠি আৰু ৰাজহাড়ত গচকি গুৰুতৰভাৱে আহত কৰে।

হাতীৰ আক্ৰমণত আহত ব্যক্তিজনক তাৎক্ষণিকভাৱে গড়মূৰ পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও ব্যক্তিজন অৱস্থা যথেষ্ট গুৰুতৰ । দঁতাল হাতীটোৱে দেওবাৰে দুপৰীয়াৰ পৰা নতুন কমলাবাৰী সত্ৰৰ আশে-পাশে মুক্ত বিচৰণ কৰি আছিল । উল্লেখ্য যে বিগত কেইবামাহো ধৰি মাজুলীৰ শালমাৰা, দক্ষিণপাট,নামনি মাজুলী, ভকত চাপৰিৰ লগতে কমলাবাৰী ঘাটৰ লগতে বিভিন্ন চৰ চাপৰিত প্ৰায় দুশজনীয়া এটা বৃহৎ বন্যহস্তীৰ জাকে মুকলি বিচৰণ থকাত ৰাইজৰ মাজত আতংক বৃদ্ধি পোৱাৰ সমান্তৰালকৈ হাতীয়ে ৰাইজৰ খেতি-পথাৰ খাই নষ্ট কৰি আহিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande