
ধুবুৰী, ২০ জুলাই (হি.স.)। গৌৰীপুৰ বিধানসভা সমষ্টিৰ আলমগঞ্জ ৭ম,৮ম আৰু নৱম খণ্ড গাঁৱত ভূমিত বসবাস কৰা পৰিয়ালক জাননী জাৰি কৰাৰ পিছতেই বিধায়ক আব্দুছ সোবাহান আলী সৰকাৰ আৰু বিধায়িকা বেবী বেগমে জাননী লাভ কৰা পৰিয়ালৰ লগত মত বিনিময় কৰি পৰিস্থিতিৰ বুজ লয়।ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ আলমগঞ্জ ৭ম,৮ম আৰু নৱম গাঁৱৰ প্ৰায় ১হাজাৰ পৰিয়াল বহু বছৰ ধৰি খাচ ভূমিত বসবাস কৰি আছিল।
শেহতীয়াকৈ ধুবুৰী জিলা প্ৰশাসনে খাচ ভূমিত বসবাস কৰা পৰিয়াল কেইটাক কিয় চৰকাৰী খাচ ভূমিত বসবাস কৰি আছে আৰু পৰিয়াল কেইটাক কিয় উচ্ছেদ নকৰিব এই সম্পৰ্কে জাননী জাৰি কৰি ১৫ দিনৰ ভিতৰত নথি-পত্ৰলৈ শুনানীৰ জিলা আয়ুক্ত কাৰ্য্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া পিছতেই পৰিয়াল কেইটাই চিন্তিতহৈ পৰাত গৌৰীপুৰ সমষ্টিৰ স্থানীয় বিধায়ক আব্দুছ সোবাহান আলী সৰকাৰ আৰু ধুবুৰী বিধানসভা সমষ্টিৰ বিধায়িকা বেবী বেগম জাননী লাভ কৰা পৰিয়াল কেইটাৰ মত বিনিময় কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে দুৰ্ভগীয়া পৰিয়াল কেইটাক সকলো দিশত সহায় সহযোগিতা আগ বঢ়াব বুলি আশ্বাস প্ৰদান কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ