
কামৰূপ, ২০ জুলাই (হি.স.)। ৰঙিয়াত ডিৱাইএফআই,এচএফআইৰ তীব্ৰ প্ৰতিবাদ।
বিশিষ্ট পৰিবেশবিদ,শিক্ষাবিদ,পৰিবেশ বিজ্ঞানী সোনম ৱাংচুকৰ অনশনৰ প্ৰতি সংহতি প্ৰকাশ কৰি এচএফআই আৰু ডিৱাইএফআই ৰ যৌথ উদ্যোগত ৰঙিয়াত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে৷
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত আজি দিল্লীত চিজেপি,ডিৱাইএফআই,এচএফআইৰ লগতে কেইবাটাও সংগঠনে বাহিৰ কৰা প্ৰতিবাদৰ প্ৰতি সহাৰি জনাই এইদৰে ৰঙিয়াত প্ৰতিবাদ সাব্যস্ত কৰে।
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান পদত্যাগ কৰক, ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষা কৰক ইত্যাদি শ্লোগান দি হাতে হাতে বেনাৰ পোষ্টাৰ লৈ সংগঠন দুটাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা