
বাক্সা, ২০ জুলাই (হি.স.)। পোহৰলৈ আহিছে গোৰেশ্বৰৰ বাঙালীপাৰাত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ হত্যাকাৰীৰ নাম৷ কালি নিশা কিদৰে শোৱাপাটীতেই ৰূপালী দাসক ডিঙি চেপি হত্যা কৰিছিল হত্যাকাৰীয়ে। কেমেৰাৰ সন্মুখত সকলো বিৱৰি কলে মহিলা গৰাকীৰ ৯ বছৰীয়া পুত্ৰই৷ প্ৰয়াগৰাজৰ চন্দন কুমাৰে ৯ বছৰীয়া পুত্রক ৰচীৰে বান্ধি থৈ অন্য কোঠাত মাতৃক কৰিছিল হত্যা৷
নিশা ১২ বজাত মাতৃক হত্যা কৰি চিঞৰ বাখৰ নকৰিবলৈ পুত্ৰক দিছিল ভাবুকি। অবৈধ প্ৰেমৰ বাবে এই ভয়াৱহ হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ। প্ৰাপ্ত খৱৰ অনুসৰি দুবাৰকৈ প্ৰয়াগৰাজৰ চন্দন কুমাৰৰ সৈতে ঘৰৰপৰা ওলাই গৈছিল ৰূপালী দাস। কৰ্মসূত্ৰে স্বামী ইজৰাইলত যোৱাৰ পুৰ্বে মহিলা গৰাকী আহিছিল স্বামীৰ গৃহত। দেওবাৰে নিশা পুত্ৰৰ সৈতে থকা মহিলা গৰাকীক চন্দন কুমাৰে হত্যা কৰি পলায়ন কৰে৷
ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ লগতে ফৰেনছিক বিশেষজ্ঞৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷ দণ্ডাধীশৰ উপস্থিতত মৃতদেহ মৰোণোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ ব্যৱস্থা কৰে আৰক্ষীয়ে৷ বৰ্তমান সুৱাগপুৰ আৰক্ষীয়ে চন্দন কুমাৰক বিচাৰি অব্যাহত ৰাখিছে অভিযান৷ হত্যাকাৰী চন্দনক আটক কৰাৰ পিছতহে পোহৰলৈ আহিব হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ