হাইদৰাবাদৰ পৰা অসমলৈ ৰেলযোগে চোৰাং মহ সৰবৰাহ,চাৰিজনক আটক
কামৰূপ, ২০ জুলাই (হি.স.)। হাইদৰাবাদৰ পৰা অসমলৈ ৰেলযোগে মহ সৰবৰাহ । পশু আইন উলংঘা কৰি ট্ৰাকত ২৫ টা মহক নিৰ্যাতন। অতি নিষ্ঠুৰভাবে কৰা সৰবৰাহৰ ঘটনাই লজ্বানত কৰিছে সভ্য মানুহক । হাইদৰাবাদৰ পৰা ৰেলযোগে মহ সৰবৰাহ কৰি ৰঙিয়া ৰেল ষ্টেচনত নমাই, তাৰ পৰা নাগ
হাইদৰাবাদৰ পৰা অসমলৈ ৰেলযোগে চোৰাং মহ সৰবৰাহ,চাৰিজনক আটক


কামৰূপ, ২০ জুলাই (হি.স.)। হাইদৰাবাদৰ পৰা অসমলৈ ৰেলযোগে মহ সৰবৰাহ । পশু আইন উলংঘা কৰি ট্ৰাকত ২৫ টা মহক নিৰ্যাতন। অতি নিষ্ঠুৰভাবে কৰা সৰবৰাহৰ ঘটনাই লজ্বানত কৰিছে সভ্য মানুহক । হাইদৰাবাদৰ পৰা ৰেলযোগে মহ সৰবৰাহ কৰি ৰঙিয়া ৰেল ষ্টেচনত নমাই, তাৰ পৰা নাগালেণ্ডলৈ ট্ৰাকযোগে ৫০ টা মহ প্ৰেৰণ কৰিবলৈ যো যা কৰোতেই ৰঙিয়া আৰক্ষীয়ে চাৰিজন লোকক আটক কৰে । লোক কেইজন হৈছে ৰঙিয়াৰ চাদ্দাম হুছেইন ,নগাওৰ মজনুৰ ইছলাম ,ইউ পিৰ বাৰেলিৰ ৰেহমতখান আৰু চাকিল খান ।

পশু কল্যাণ আইন সম্পূৰ্ণ উলংঘা কৰি দুখন অতি ঠেক ট্ৰাকত ২৫ টাকৈ মহ ঠেচি ঠেচি লৈ যোৱাৰ এই চক্ৰান্তৰ মূল নায়ক হৈছে হাইদৰাবাদৰ মুছিৰাবাদৰ চাজিদ হুছেইন । তেওঁৰ নিৰ্দেশত মহবোৰ ৰেলত লৈ অহা হৈছিল আৰু ৰঙিয়াত নমাই দিয়া হৈছিল । তাৰ পিছত নাগালেণ্ডৰ মগুকাই আৱামিকৰ হাতত জিম্মাত দিয়াৰ কথা এই মহবোৰ ।

অবৈধভাৱে ব্যৱহাৰ কৰা দুখন ট্ৰাকৰ নম্বৰ এএছ ০২ডিচি ৬৯৫৩ আৰু এআৰ ০১পি ৯৬৯২ । দুখন ট্ৰাকতে পশু পৰিবহণৰ নিয়ম সম্পূৰ্ণ অৱজ্ঞা কৰি অতি নিৰ্মমভাৱে মহবোৰক ঠেচি ভৰোৱা হৈছে । কোনো ধৰণৰ বৈধ নথি-পত্ৰ আছে নে নাই, সেইটো বৰ্তমানলৈকে স্পষ্ট হোৱা নাই । সম্ভৱতঃ সম্পূৰ্ণ অবৈধভাৱে এই সৰবৰাহ চলোৱা হৈছে । স্থানীয় লোক আৰু পশু প্ৰেমী সকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে । প্ৰশাসন আৰু আৰক্ষীয়ে অতি শীঘ্ৰে এই চক্ৰান্তৰ বিৰুদ্ধে তদন্ত কৰি জড়িত সকলক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী উৎত্থাপিত হৈছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande