
গোৱালপাৰা, ২০ জুলাই (হি.স.)। গোৱালপাৰাৰ লক্ষীপুৰত উপস্থিত বিত্ত আৰু বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱা । লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অধীনৰ নলবাৰী প্ৰস্তাৱিত বনাঞ্চল পৰিদৰ্শন মন্ত্ৰী গৰাকীৰ। নলবাৰী বনাঞ্চলত একাংশ লোকে বেদখল কৰি বসতি স্থাপন কৰি আহিছে। সেই স্থান পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে।
পৰিদৰ্শন কালত ৰাজহ বিভাগ আৰু বনবিভাগৰ পৰা বনাঞ্চলৰ বেদখল সংক্ৰান্তীয় নথি-পত্ৰ সমূহ নিৰীক্ষণ কৰে মন্ত্ৰী গৰাকীয়ে । ইয়াৰ পিছতে সমগ্ৰ বনাঞ্চল খন পৰিদৰ্শন কৰে। বনাঞ্চলৰ ভূমি অচিনাকি লোকৰ লগতে কিছু খিলঞ্জীয়াৰ দখলত আছে। সম্প্ৰতি নলবাৰীৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত মুঠ ১৬ হেক্টৰ ভূমি বেদখলৰ কবলত। এই ভূমি উচ্ছেদ সংক্ৰান্তত বিভাগৰ লগত বিশেষ আলোচনা মৰ্মে কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰিব বনমন্ত্ৰী গৰাকীয়ে ।এই ক্ষেত্ৰত কোনো কাৰণতে খিলঞ্জীয়া লোকসকল চিন্তিত হ'ব নালাগে বুলিও মন্ত্ৰী গৰাকীয়ে স্পষ্ট কৰি দিয়ে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা