
তিনিচুকীয়া, ২০ জুলাই (হি.স.)। তিনিচুকীয়া জিলাৰ ডুমডুমা নগৰ খেল পথাৰত ডুমডুমা ক্ৰীড়া সন্থাৰ উদ্যোগত চলি থকা ১৫ বছৰ অনুৰ্ধ্বৰ গ্ৰীষ্মকালীন ফুটবল আৰু ভলীবল প্ৰশিক্ষণৰ সামৰণি।
সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা।
নিজৰ ভাষণত বিধায়ক গোৱালাই ডুমডুমা বিধানসভা সমষ্টিত ক্ৰীড়াৰ বিকাশৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰি এই ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে।
তেওঁ কয় যে আগন্তুক ডেৰ দুই বছৰৰ ভিতৰত ডুমডুমাত ক্ৰীড়াৰ আন্তঃগাঁথনিত এক আমূল পৰিৱৰ্তন হ'ব।
একাধিক বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানত ডুমডুমা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা বিধায়ক ৰূপেশ গোৱালাক এখন চেলেং চাদৰ, এটা স্মাৰক আৰু এখন সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা