
বৰপেটা, ২০ জুলাই (হি.স.)। বৰপেটা ৰোডত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে সদৌ অসম ছাত্ৰ সন্থা আৰু ড° ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ আহ্বান মৰ্মে এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুস্থিত হয় |
বৰপেটা ৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত
বৰপেটা ৰোড গোপীনাথ বৰদলৈ বিদ্যালয়ত অনুষ্ঠিত প্ৰতিযোগিতা খন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে মুকলি কৰে বিদ্যালয় খনৰ প্ৰধান শিক্ষক বাদশ্বা মিঞাই ।
সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উপলক্ষে তেওঁৰ অমৰ সৃষ্টি আৰু আদৰ্শক নতুন প্ৰজন্মৰ সৈতে চিনাকি কৰাই দিয়া আৰু জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যৰে আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতা খনত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।
প্ৰতিযোগিতা খনত বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি অৰ্ণৱ জ্যোতি শৰ্মাৰ লগতে ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা