
বৰপেটা, ২০ জুলাই (হি.স.)। জনীয়াৰ টাপাজুলী-কালামপুৰ গাঁৱৰ সংযোগী পথৰ দুৰাৱস্থা ।টাপাজুলি- কালামপুৰ সংযোগী পথচোৱা সম্প্ৰতি পানীৰ তলত। যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰাইজে। প্ৰতি বছৰ বাৰিষাৰ আৰম্ভণিতে বৰষুণ হ'লেই পথচোৱা পানীত বুৰ যায় ফলত বাৰিষাৰ প্ৰায় ছয় মাহ কলগছৰ ভূৰ নাইবা টুলুঙা নাৱেৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী, গৰ্ভৱতী মহিলা আৰু গাঁওবাসীয়ে বিপদসংকুল ভাৱে যাতায়ত কৰিবলৈ বাধ্য় হয়।
জনপ্ৰতিনিধি সকলে নিৰ্বাচনৰ সময়ত পথচোৱা নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে যদিও পৰবৰ্তী সময়ত সেই প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনতহে পৰিণত হয় ।সেয়ে অতি শীঘ্ৰে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই উক্ত পথচোৱা নিৰ্মাণ কৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী আৰু পথচাৰীৰ যাতায়তৰ ব্যৱস্থা সুচল কৰি দিয়াৰ দাবী জনায় ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ