
দক্ষিণ শালমাৰা, ২০ জুলাই (হি.স.)। দক্ষিণ শালমাৰাৰ বালাডোৱাত উদ্ধাৰ এটা মৃতদেহ।
মৃতদেহটোৰ উদ্ধাৰক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ দক্ষিণ শালমাৰা থানা এলেকাৰ বালাডোৱাত উদ্ধাৰ হয় এটি মৃতদেহ।
মৃতদেহটো বালাডোৱা গাওঁৰ কলিম উদ্দিনৰ পুত্ৰ বাবৰ আলী বুলি চিনাক্ত কৰা হৈছে।
নিজ ঘৰৰ কাষতে থকা এটা পুখুৰীৰ পৰা উদ্ধাৰ কৰা মৃতদেহটো
আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰিছে।
বৰ্তমানলৈকে মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা