
গোলাঘাট, ২০ জুলাই (হি.স.)। বিগত দুদিন ধৰি নগা পাহাৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কাকডোঙা নদীৰ জলপৃষ্ঠ বৃদ্ধি হৈ বৰহোলা মৌজাৰ অন্তৰ্গত বহুকেইখন গাঁও জলমগ্ন হৈ পৰে৷ কালি নিশাৰ পৰা বৃদ্ধি পোৱা বানপানীৰ ফলত বৰহোলা চাৰিআলি,বৰহোলা চাহ বাগিচা,উৰঙ্গীয়াল,উজনি-
নামনি নেঘেৰি,বৰহোলা গ্ৰাণ্ট,নাঙল গাঁও,বামুণচুকৰ লগতে গোলাঘাটৰ আঠখেলীয়া বৰকছাৰী,সৰুকছাৰী মঠাদাং গাঁৱত ঘৰ-বাৰীত এবুকু পৰ্যন্ত পানী হয়৷
ফলত নিশা এক হাহাঁকাৰ অৱস্থাৰ সৃষ্টি হয়৷ খবৰ লাভ কৰাৰ পিছতে নিশাৰ পৰা এছ ডি আৰ এফ বাহিনীয়ে বৰ্ন্যাত সকলক আৰু ঘৰৰ প্ৰয়োজনীয় সকলো নথিপত্ৰ,বয়বস্তু, পশুধন, উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে৷ বৰ্তমান বৰহোলা মহাবিদ্যালয়ত থকা অস্থায়ী শিবিৰত পাঁচখন গাঁৱৰ প্ৰায় চাৰি শতাধিক লোকে আশ্ৰয় গ্ৰহণ কৰিছে৷ ইফালে বানৰ ফলত বৰহোলা সামূহিক চিকিৎসালয়ত একাঠু পানী আৰু গোলাঘাটৰ বৰকছাৰী উঃমাঃ বিদ্যালয় বানত বুৰ যায়৷ বৰ্তমান সময়লৈকে অঞ্চলটোত এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷
-
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা