তেজপুৰত বিদ্যুৎস্পৃষ্ট হৈ বি এছ এন এলৰ কৰ্মচাৰীৰ শোকাৱহ মৃত্যু
শোণিতপুৰ, ২০ জুলাই (হি.স.)। কৰ্তব্যৰত অৱস্থাতে আজি তেজপুৰৰ মহাভৈৰৱ মন্দিৰৰ সমীপত বি এছ এন এলৰ এজন কৰ্মচাৰী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰাৰ এক শোকাৱহ ঘটনা সংঘটিত হয় । ঘটনাৰ বিবৰণী মতে,আজি দিনৰ প্ৰায় ১২ বজাত মহাভৈৰব মন্দিৰৰ সমীপত নৰেন্দ্ৰ কটকী নাম
তেজপুৰত বিদ্যুৎস্পৃষ্ট হৈ বি এছ এন এলৰ কৰ্মচাৰীৰ শোকাৱহ মৃত্যু


শোণিতপুৰ, ২০ জুলাই (হি.স.)। কৰ্তব্যৰত অৱস্থাতে আজি তেজপুৰৰ মহাভৈৰৱ মন্দিৰৰ সমীপত বি এছ এন এলৰ এজন কৰ্মচাৰী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰাৰ এক শোকাৱহ ঘটনা সংঘটিত হয় । ঘটনাৰ বিবৰণী মতে,আজি দিনৰ প্ৰায় ১২ বজাত মহাভৈৰব মন্দিৰৰ সমীপত নৰেন্দ্ৰ কটকী নামৰ কৰ্মচাৰীজনে কোনো সুৰক্ষা ব্যৱস্থা নোলোৱাকৈ বৈদ্যুতিক খুঁটাত উঠি বি এছ এন এল ফাইবাৰৰ মেৰামতি কৰি আছিল । মেৰামতিৰ কাম কৰি থকাৰ মাজতে অসাৱধানবশত তেওঁ এডাল বিদ্যুৎ পৰিবাহী তাঁৰ স্পৰ্শ কৰাত বিদ্যুৎস্পৃষ্ট হৈ ওপৰৰ পৰা সৰি পৰে । গুৰুতৰভাবে আঘাতপ্ৰাপ্ত কটকীক ততাতৈয়াকৈ তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁৰ ইতিমধ্যে মৃত্যু হোৱা বুলি ঘোষণা কৰে । মৃত কৰ্মচাৰীজনৰ ঘৰ তেজপুৰৰ দ পৰ্বতীয়াৰ সাউদৰ চুবুৰীত।

উল্লেখযোগ্য,বি এছ এন এলে ফাইবাৰৰ সেৱা আগবঢ়াবৰ বাবে বিদ্যুতৰ খুটা সমূহেই ব্যবহাৰ কৰে । বাৰিষাৰ সময়ত অতি বিপদ সংকূলভাবে বি এছ এন এলৰ কৰ্মচাৰীসকলে বিদ্যুতৰ খুটাত উঠি ফাইবাৰ মেৰামতিৰ কাম কৰিবলগীয়া হয় । কৰ্মচাৰীসকলৰ সুৰক্ষাৰ বাবে উচ্চমানৰ ইনচুলেটিং গ্ল’ভছ, সুৰক্ষামূলক জোতা আৰু হেলমেটৰ ব্যৱস্থা থাকিব লাগে যদিও তেনে কোনো সুৰক্ষা ব্যৱস্থা নোলোৱাকৈয়ে কৰ্মচাৰীসকলে কৰ্তব্য পালন কৰি থকা দেখিবলৈ পোৱা যায় । আজিৰ শোকাবহ দুৰ্ঘটনাৰ পিছত বি এছ এন এল কৰ্তৃপক্ষকো জগৰীয়া কৰিছে বিভিন্নজনে । কাৰণ কৰ্মচাৰীৰ নিৰাপত্তাৰ দিশলৈ লক্ষ্য ৰাখি সুৰক্ষা সামগ্ৰীসমূহ যোগান ধৰাতেই সীমাবদ্ধ নাথাকি কৰ্তব্যৰ সময়ত প্ৰত্যেক কৰ্মচাৰীয়ে যাতে সেই সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰে সেয়া বাধ্যতামূলক কৰি দিয়াটো বিভাগীয় দায়িত্ব বুলিও একাংশই মন্তব্য কৰাৰ বিপৰীতে মহাভৈৰৱ অঞ্চলত থকা এটা বৈদ্যুতিক ট্ৰেঞ্চফাৰ্মাৰটোও যথেষ্ট বিপদজনক ভাবে আছে বুলিও স্হানীয় আন একাংশ লোকে মন্তব্য কৰিছে ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande