
ধেমাজী, ২০ জুলাই (হি.স.)। বৰ্তমান উজনি অসমৰ বিভিন্ন স্থানত ভয়ংকৰ বান পৰিস্থিতি।বিগত কিছুদিনৰ পৰা অসম সহ অসমৰ চুবুৰীয়া ৰাজ্য় অৰুণাচল প্ৰদেশ,নগালেণ্ডত ধাৰাষাৰ বৃষ্টিপাত হোৱাৰ ফলত অসমৰ সকলো নদ নদী ওফণ্ডি উঠিিছে।
গোগামুখত উপস্থিত হৈ বানপানীক লৈ উদ্ধিগ্নতা প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰন ফুকন। বৰ্তমান অব্য়াহত থকা দুৰ্যোগৰ সময়ত সংশ্লিষ্ট বিভাগ আৰু চৰকাৰক উদ্ধাৰ অভিযানৰ সমান্তৰাল ভাবে সাহাৰ্য প্ৰদানৰ ব্যৱস্থা ত্বৰান্বিত কৰাৰ আহ্বান ছাত্ৰ নেতা গৰাকীৰ।
প্ৰশাসনৰ থাকিব লগা ব্যৱস্থাক লৈও প্ৰশ্ন আছুৰ সাধাৰণ সম্পাদক গৰাকীৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা