
ধুবুৰী,০২ জুলাই (হি.স.)। ধুবুৰীত সন্দেহযুক্ত ড্ৰাগছ সহ আটক এগৰাকী মহিলা। সন্দেহযুক্ত ড্ৰাগছ আৰু ড্ৰাগছৰ সৈতে ব্যৱহাৰ হোৱা আপত্তি জনক সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে। আটকাধীন মহিলা গৰাকীৰ নাম আলেকজান বুলি জানিব পৰা গৈছে।
দীৰ্ঘদিন ধৰি মহিলা গৰাকীয়ে ঘৰৰ পৰা সন্দেহজনক ড্ৰাগছ বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে।
ধুবুৰীৰ আইৰনজংলা তৃতীয় খণ্ড অঞ্চলৰ আলেকজান নামৰ মহিলা গৰাকীৰ ঘৰত উক্ত অঞ্চলতৰ ৰাইজে অভিযান চলাই সন্দেহজনক ড্ৰাগছ আৰু ড্ৰাগছৰ সৈতে ব্যৱহাৰ হোৱা আপত্তি জনক সামগ্ৰী জব্দ কৰাৰ লগতে মহিলা গৰাকীক কৰায়ত্ত কৰি খবৰ দিয়ে আৰক্ষীক।
উক্ত খবৰৰ ভিত্তিত ধুবুৰী এ এম কো ৰোড আৰক্ষী উপস্থিত হৈ সামগ্ৰী জব্দ কৰাৰ লগতে মহিলাগৰাকীক আটক কৰি থানাত লৈ গৈ সোধা পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু