
কলকাতা, ০২ জুলাই (হি.স.)। পশ্চিম বংগত অবৈধ অনুপ্ৰৱেশ আৰু জনগাঁথনি পৰিৱৰ্তনৰ বিষয়টোক লৈ ৰাজ্য চৰকাৰে দৃঢ় স্থিতি গ্ৰহণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা বুলি দাবী কৰিছে। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে ঘোষণা কৰিছে যে অহা ২ জুলাইত নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব।এই বৈঠকত মুখ্য সচিব আৰু গৃহ সচিবকে ধৰি জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰিব, আৰু মুখ্যমন্ত্ৰী নিজেই উপস্থিত থাকিব। তেওঁ উল্লেখ কৰে যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি এই বিষয়ত একেলগে কাম কৰিব।
মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে ইতিমধ্যে প্রথম পর্যায়ৰ কাম সম্পূর্ণ হৈছে ৷ তেওঁৰ মতে, যোৱা ৪৫ দিনত প্ৰয়োজনীয় ভূমি সীমান্ত সুৰক্ষা বাহিনীলৈ হস্তান্তৰ কৰি ১২টা স্থানত হোল্ডিং ষ্টেচন স্থাপন কৰা হৈছে। নিৰ্ধাৰিত পদ্ধতি অনুসৰি এই কেন্দ্ৰসমূহৰ জৰিয়তে প্ৰায় ১০ হাজাৰ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰা হৈছে, আনহাতে বৰ্তমান এই হোল্ডিং ষ্টেচনসমূহত প্ৰায় ১৫০০ লোক উপস্থিত আছে।
তেওঁ কয় যে সীমান্ত অঞ্চলৰ আৰক্ষী থানাসমূহে সীমান্ত সুৰক্ষা বাহিনীৰ সহযোগত অভিযুক্ত অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি জেলৰ পৰিৱৰ্তে পোনপটীয়াকৈ হোল্ডিং ষ্টেচনলৈ প্ৰেৰণ কৰিছে, য’ৰ পৰা প্ৰতিষ্ঠিত প্ৰট’কল অনুসৰি বিতাড়নৰ প্ৰক্ৰিয়া অনুসৰণ কৰা হৈছে। ভোটাৰ তালিকাৰ পৰা আঁতৰোৱা নামসমূহো পুনৰীক্ষণ কৰা হৈছে।
মুখ্যমন্ত্ৰীয়ে লগতে জনাইছে যে ১ আগষ্টৰ পৰা ডিজিটেল জাতি লোকপিয়ল আৰম্ভ হ’ব, যাৰ চূড়ান্ত ফলাফল ২০২৭ চনৰ ২৮ ফেব্ৰুৱাৰীৰ মাজনিশা প্ৰকাশ পাব।তেওঁ কয় যে এই লোকপিয়লত আত্মঘোষণা ব্যৱস্থাও অন্তৰ্ভুক্ত কৰা হ’ব। তেওঁ দাবী কৰে যে প্ৰকৃত পৰিসংখ্যা উপলব্ধ হ’লেই কথিত অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে অধিক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ সম্ভৱ হ’ব আৰু সমগ্ৰ পৰিস্থিতি স্পষ্ট হ’ব।
ইফালে, জনগাঁথনি পৰিৱৰ্তন অধ্যয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰা এখন উচ্চ পৰ্যায়ৰ কমিটীয়ে শীঘ্ৰে পশ্চিম বংগকে ধৰি কেইবাখনো ৰাজ্য ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ পূৰ্বে বুধবাৰে সমিতিৰ সদস্যসকলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে। সূত্ৰ অনুসৰি ৰাজ্য চৰকাৰ, প্ৰশাসন, আৰু সংশ্লিষ্ট বিষয়াসকলৰ পৰা তথ্য সংগ্ৰহৰ বাবে এখন বিশদ প্ৰশ্নাৱলী প্ৰস্তুত কৰা হৈছে। এই সমিতিখনে জনগাঁথনিগত পৰিৱৰ্তন, কথিত অবৈধ অনুপ্ৰৱেশ, বিভিন্ন ৰাজ্যত ইয়াৰ সামাজিক আৰু অৰ্থনৈতিক প্ৰভাৱৰ মূল্যায়ন কৰিব।
মন কৰিবলগীয়া যে অবৈধ অনুপ্ৰৱেশ আৰু জনগাঁথনি পৰিৱৰ্তনৰ বিষয়টো দীৰ্ঘদিন ধৰি পশ্চিম বংগত ৰাজনৈতিক বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ আহিছে। শেহতীয়া বিধানসভা নিৰ্বাচনতো ই এক ডাঙৰ নিৰ্বাচনী বিষয় আছিল। ফলস্বৰূপে নতুন চৰকাৰৰ কাৰ্যকালত উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰস্তাৱিত ভ্ৰমণ আৰু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ বৈঠকক ৰাজনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। -----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ