
কাছাৰ, ০২ জুলাই (হি.স.)। কাছাৰৰ
সোনাই নদীৰ পানীত ওপঙি থকা এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। স্থানীয় বাসিন্দা সকলে নদীত মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰে ।
বৰ্তমানলৈকে মৃত ব্যক্তি জনৰ পৰিচয় জনা হোৱা নাই। ব্যক্তিজনৰ মৃত্যু কেনেকৈ হ'ল, সেয়া বৰ্তমানো স্পষ্ট নহয়।
আৰক্ষীয়ে সদৰী কৰা অনুসৰি মৃতদেহটোৰ পৰিচয় চিনাক্তকৰণৰ চেষ্টা অব্যাহত আছে। লগতে মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ তদন্ত আৰম্ভ হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পাছত মৃত্যুৰ কাৰণ জানিব পৰা যাব।
উক্ত ঘটনাক কেন্দ্ৰ কৰি স্থানীয় লোকসকলৰ মাজত নানা জল্পনা-কল্পনাৰ সৃষ্টি হ'লেও, তদন্ত শেষ নোহোৱালৈকে এই সন্দৰ্ভত কোনো নিশ্চিত মন্তব্য কৰা সম্ভৱ নহয় বুলি মন্তব্য কৰিছে আৰক্ষীয়ে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা