শোণিতপুৰৰ চাৰিদুৱাৰত বন মহোৎসৱ উপলক্ষে গছপুলি ৰোপন
শোণিতপুৰ, ০২জুলাই (হি.স.)। শোণিতপুৰৰ চাৰিদুৱাৰত বন মহোৎসৱ উপলক্ষে আজি এক গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । চাৰিদুৱাৰৰ গামানীত ইকো ট্ৰাক্স ফৰ্চ আৰু মহিলা শক্তি কেন্দ্ৰ নামৰ এটা বেচৰকাৰী সংস্থাই যুটীয়াভাৱে এই কাৰ্যসূচী ৰূপায়ণ কৰে । উক্ত কাৰ্য
শোণিতপুৰৰ চাৰিদুৱাৰত বন মহোৎসৱ উপলক্ষে গছপুলি ৰোপন


শোণিতপুৰ, ০২জুলাই (হি.স.)। শোণিতপুৰৰ চাৰিদুৱাৰত বন মহোৎসৱ উপলক্ষে আজি এক গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । চাৰিদুৱাৰৰ গামানীত ইকো ট্ৰাক্স ফৰ্চ আৰু মহিলা শক্তি কেন্দ্ৰ নামৰ এটা বেচৰকাৰী সংস্থাই যুটীয়াভাৱে এই কাৰ্যসূচী ৰূপায়ণ কৰে । উক্ত কাৰ্যসূচীত কেইবা খনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

আজি প্ৰায় ২৫০ জোপা বিভিন্ন প্ৰকাৰৰ গছপুলি ৰোপন কৰা হয় । ১ জুলাইৰপৰা ৭ জুলাইলৈকে বন মহোৎসৱৰ সৈতে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হব বুলি ১৩৪ নং ইক টাস্ক ফৰ্ছৰ বিষয়াই জনাইছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande