আমেৰিকাত কৰ্কট ৰোগৰ প্ৰতিষেধক প্ৰস্তত কৰাত ব্ৰতি তিনিচুকিয়াৰ ড° ৰুবুল মাউত
তিনিচুকীয়া, ০২ জুলাই (হি.স.)। সপোনৰ স্ৰষ্টা তিনিচুকীয়াৰ এজন গাঁৱলীয়া ল’ৰা ৷আজি বিশ্বৰ এক চিনাকী নাম ।এক জটিল যুঁজত জয়ৰ দিশে ধাৱমান তেওঁ ৷ তেওঁৰ ওপৰত নিৱদ্ধ বিশ্ববাসীৰ দৃষ্টি ৷ বৰ্তমান তেওঁ আমেৰিকাৰ চিনচিন্নাতি চিল্ড্রেন্স হস্পিটেল মেডিকেল চেন্টাৰৰ
আমেৰিকাত কৰ্কট ৰোগৰ প্ৰতিষেধক প্ৰস্তত কৰাত ব্ৰতি তিনিচুকিয়াৰ ড° ৰুবুল মাউত


তিনিচুকীয়া, ০২ জুলাই (হি.স.)। সপোনৰ স্ৰষ্টা তিনিচুকীয়াৰ এজন গাঁৱলীয়া ল’ৰা ৷আজি বিশ্বৰ এক চিনাকী নাম ।এক জটিল যুঁজত জয়ৰ দিশে ধাৱমান তেওঁ ৷ তেওঁৰ ওপৰত নিৱদ্ধ বিশ্ববাসীৰ দৃষ্টি ৷

বৰ্তমান তেওঁ আমেৰিকাৰ চিনচিন্নাতি চিল্ড্রেন্স হস্পিটেল মেডিকেল চেন্টাৰৰ (Cincinnati Children's Hospital Medical Center বা CCHMC) Immunobiology, Oncology, আৰু Stem Cell and Organoid Medicine বিভাগৰ অধ্যাপক তথা মুখ্য বিজ্ঞানী (Principal Investigator)।

Pediatric Oncology আৰু Immunology তথা শিশু কৰ্কট ৰোগৰ বিশ্ব শ্ৰেষ্ঠ গৱেষণা প্ৰতিষ্ঠান CCHMCত গধুৰ দায়িত্বত থকা সপোনৰ স্ৰষ্টা তিনিচুকীয়াৰ এই গাঁৱলীয়া ল’ৰাজন আন কোনো নহয়, বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা এই ল’ৰাজন হৈছে ড° ৰুবুল মাউত।

আমেৰিকাত থাকিও নিজৰ শিপা পাহৰি নোযোৱা বিশিষ্ট বিজ্ঞানী ড° মাউতে প্ৰতিটো খবৰ লয় আপোন গাঁওখনৰ, অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলৰ ৷

কিদৰে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ অতি ভিতৰুৱা কৈলাশপুৰৰ সমস্যাজৰ্জৰ এখন গাঁৱৰ পৰা আৰম্ভ হ’ল বিশ্বৰ এজন সফল বিজ্ঞানী ড° মাউতৰ যাত্ৰা৷

লৰালি কিদৰে পাৰ কৰিলে বিজ্ঞানী ড° ৰুবুল মাউতে ৷ ড° মাউতৰ জনপ্ৰিয় গ্ৰন্থ “মোৰো এটা সপোন আছে”ত সকলো বিৱৰি থৈছে তেওঁ।

মাৰাত্মক কৰ্কট ৰোগৰ প্ৰতিষেধক প্ৰস্তুত কৰাত একনিষ্ঠভাৱে ব্ৰতী হৈ প্ৰয়াস কৰি ড° মাউতৰ শৈশৱ সোঁৱৰিলে মাতৃ, জ্যেষ্ঠ ভাতৃয়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande