হাজোত ৰাজ্যিক পৰ্যায়ৰ বিকশিত ভাৰত নিশ্চিত ৰোজগাৰ আৰু আজীৱিকা অভিযান শুভ উদ্বোধনী অনুষ্ঠান
কামৰূপ, ০২ জুলাই (হি.স.)। আজি সমগ্ৰ দেশতে গ্ৰামোন্নয়ন মন্ত্ৰণালয়ৰ উদ্যোগত ''বিকশিত ভাৰত নিশ্চিত ৰোজগাৰ আৰু আজীৱিকা অভিযান'' আঁচনিৰ শুভাৰম্ভ কৰা হৈছে ।হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষ্ণুৰাম মেধি প্ৰেক্ষাগৃহতো কৰা হয় ৰাজ্যিক পৰ্যায়ৰ জন সন্ম
হাজোত ৰাজ্যিক পৰ্যায়ৰ বিকশিত ভাৰত নিশ্চিত ৰোজগাৰ আৰু আজীৱিকা অভিযান শুভ উদ্বোধনী অনুষ্ঠান


কামৰূপ, ০২ জুলাই (হি.স.)। আজি সমগ্ৰ দেশতে গ্ৰামোন্নয়ন মন্ত্ৰণালয়ৰ উদ্যোগত 'বিকশিত ভাৰত নিশ্চিত ৰোজগাৰ আৰু আজীৱিকা অভিযান' আঁচনিৰ শুভাৰম্ভ কৰা হৈছে ।হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষ্ণুৰাম মেধি প্ৰেক্ষাগৃহতো কৰা হয় ৰাজ্যিক পৰ্যায়ৰ জন সন্মিলন তথা শুভ উদ্বোধনী অনুষ্ঠান।

অন্ধ্ৰ প্ৰদেশৰ তিৰুপতিত পুৱা ১০বজাত ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে আঁচনিৰ ৰাষ্ট্ৰীয় শুভ উদ্বোধনী কৰে।। অন্ধ্ৰ প্ৰদেশৰ তিৰুপতিত অনুষ্ঠিত হোৱা ভিবি-জি ৰাম জী-ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানৰ শুভ উদ্বোধন কৰা অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ।

দেশৰ সমগ্ৰ ৰাজ্যতে কাৰ্যসূচীৰ কৰা হয় পোনপটীয়া সম্প্ৰচাৰ।

হাজোত ৰাজ্যিক ভাবে আয়োজন কৰা অনুষ্ঠানত উপস্থিত থাকে হাজো- শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ দাস, কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ,কামৰূপ জিলা পৰিষদৰ অধ্যক্ষ নিপন ভূঞাকে ধৰি পঞ্চায়ত প্ৰতিনিধি সকল।

লগতে গোলাঘাটৰ পৰা ভিডিও কনফাৰেন্স যোগে সংযুক্ত হয় বিভাগীয় মন্ত্ৰী অতুল বৰা।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande