শ্ৰীৰামপুৰত পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান ২০২৬ উপলক্ষে কাৰ্য্যসভা
কোকৰাঝাৰ, ০২ জুলাই (হি.স.)। শ্ৰীৰামপুৰত পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান ২০২৬ উপলক্ষে কাৰ্য্যসভা । ভাৰতীয় জনতা পাৰ্টি শ্ৰীৰামপুৰ মণ্ডলৰ উদ্যোগত সজল সিংহৰ বাসগৃহত এক প্ৰশিক্ষণমূলক কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচ
শ্ৰীৰামপুৰত পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান ২০২৬ উপলক্ষে কাৰ্য্যসভা


কোকৰাঝাৰ, ০২ জুলাই (হি.স.)। শ্ৰীৰামপুৰত পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান ২০২৬ উপলক্ষে কাৰ্য্যসভা । ভাৰতীয় জনতা পাৰ্টি শ্ৰীৰামপুৰ মণ্ডলৰ উদ্যোগত সজল সিংহৰ বাসগৃহত এক প্ৰশিক্ষণমূলক কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিজেপিৰ কোকৰাঝাৰ জিলা সভাপতি গোঁসাই বসুমতাৰী আৰু বিজেপিৰ প্ৰাক্তন ইএম সজল কুমাৰ সিংহ।

অনুষ্ঠানত দলীয় কৰ্মী সকলক উদ্দেশ্যে ভাষণ প্ৰদান কৰি নেতাদ্বয়ে বিজেপিৰ আদৰ্শ,সংগঠনৰ শক্তিশালীকৰণ, জনকল্যাণমূলক আঁচনি আৰু আগন্তুক দিনত দলীয় কৰ্মী সকলৰ দায়িত্ব সম্পৰ্কে বিস্তৃতভাৱে আলোকপাত কৰে। তেওঁলোকে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ একাত্ম মানবতাবাদৰ দৰ্শন অনুসৰণ কৰি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ কল্যাণৰ বাবে কাম কৰিবলৈ আহ্বান জনায়।

সভাত বিজেপিৰ শ্ৰীৰামপুৰ মণ্ডলৰ বিভিন্ন স্তৰৰ বিষয়ববীয়া, সক্ৰিয় কৰ্মী আৰু সমৰ্থকসকল উপস্থিত থাকে। সংগঠনৰ ভেটি অধিক শক্তিশালী কৰাৰ লগতে আগন্তুক নিৰ্বাচনক লক্ষ্য কৰি দলীয় কৰ্মী সকলক ঐক্যবদ্ধভাৱে কাম কৰাৰ আহ্বান জনায়। অনুষ্ঠানটোত প্ৰশিক্ষণৰ জৰিয়তে কৰ্মী সকলক সাংগঠনিক দক্ষতা বৃদ্ধি, চৰকাৰৰ সফলতা জনসাধাৰণৰ মাজলৈ লৈ যোৱা আৰু দলীয় নীতি-আদৰ্শ সম্পৰ্কে বিস্তৃত জ্ঞান প্ৰদান কৰা হয়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande