
শোণিতপুৰ, ০২ জুলাই (হি.স.)। শোণিতপুৰ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু ঘোৰামাৰী হেমবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত কৰা হৈছে আন্তঃবিদ্যালয় ফুটবল খেল প্ৰতিযোগিতা। আন্তঃ বিদ্যালয় ভিত্তিত চেবাৰ অন্তৰ্গত বিদ্যালয় সমুহৰ ১৫ বছৰ অনুৰ্ধৰ লৰা আৰু ১৭ বছৰ অনুৰ্ধৰ ল'ৰা আৰু ছোৱালীৰ তিনিটা শাখাত উক্ত প্ৰতিযোগিতা খন অনুষ্ঠিত কৰা হৈছে ।
উক্ত প্ৰতিযোগিতাত জিলাখনৰ ২৫খন বিদ্যালয়ৰ দলে অংশগ্ৰহণ কৰিছে। উক্ত প্ৰতিযোগিতাত বিজয়ী দল কেইটাই সদৌ অসম ভিত্তিত অনুষ্ঠিত হবলগীয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাব।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা