
কাছাৰ, ০২ জুলাই (হি.স.)। কাছাৰ জিলাৰ সোনাইত এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক শ্লীলতাহানিৰ অভিযোগক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযোগৰ ভিত্তিত সোনাই এপিজে চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ, দক্ষিণ ভাৰতৰ বাসিন্দা ড০ এছ. জ্ঞানাবেলক গ্ৰেপ্তাৰ কৰিছে সোনাই আৰক্ষীয়ে। ঘটনাক কেন্দ্ৰ কৰি সোনাই থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। অভিযুক্তৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ দাবীত বিভিন্ন শ্লোগানো দিয়া হয়।
অভিযোগ অনুসৰি, বুধবাৰে দুপৰীয়া প্ৰায় ২ বজাত বিদ্যালয় খনৰ ষষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক অধ্যক্ষই নিজৰ ব্যক্তিগত কোঠালৈ মাতি নিয়াৰ পিছত শ্লীলতাহানিৰ অভিযোগ উত্থাপন হয়। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে বিদ্যালয় চৌহদ আৰু সমগ্ৰ অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হয়। ক্ষুব্ধ স্থানীয় লোকে অভিযুক্ত অধ্যক্ষক আটক কৰি সোনাই আৰক্ষীৰ হাতত চমজাই দিয়ে।
ইয়াৰ পিছতে পূব সোনাইৰ নতুনৰাম নগৰ অঞ্চলৰ জনজাতীয় মহিলা সমিতিৰ সদস্যা সকলৰ লগতে বহু সংখ্যক গ্ৰামবাসীয়ে সোনাই থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। অভিযুক্তৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ আৰু দ্ৰুত বিচাৰৰ দাবী জনায় প্ৰতিবাদকাৰী সকলে। ইতিমধ্যে ঘটনাটোৰ সন্দৰ্ভত সোনাই থানাত এখন এজাহাৰ দাখিল কৰা হৈছে আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু