বকো-ছয়গাঁও আৰক্ষীৰ অভিযানত শিক্ষানুষ্ঠানৰ চুৰি সামগ্ৰী উদ্ধাৰ
কামৰূপ, ০২ জুলাই (হি.স.)। বকো-ছয়গাঁও আৰক্ষীৰ সফলতা। সোণতলীৰ হায়াৰ চেকেণ্ডাৰীৰ পৰা চুৰি হোৱা বস্তু উদ্ধাৰৰ লগতে দুই চোৰক গ্ৰেপ্তাৰ। বকো-ছয়গাওঁ সমজিলাৰ আৰক্ষী অধীক্ষক জানকিশোৰ গগৈৰ সহযোগত সোনতলী আৰক্ষী চকীৰ বিষয়া হীৰকজ্যোতি মুদৈ সহ এটি আৰক্ষীৰ দলে গ
বকো-ছয়গাঁও আৰক্ষীৰ সফলতা।


কামৰূপ, ০২ জুলাই (হি.স.)। বকো-ছয়গাঁও আৰক্ষীৰ সফলতা। সোণতলীৰ হায়াৰ চেকেণ্ডাৰীৰ পৰা চুৰি হোৱা বস্তু উদ্ধাৰৰ লগতে দুই চোৰক গ্ৰেপ্তাৰ। বকো-ছয়গাওঁ সমজিলাৰ আৰক্ষী অধীক্ষক জানকিশোৰ গগৈৰ সহযোগত সোনতলী আৰক্ষী চকীৰ বিষয়া হীৰকজ্যোতি মুদৈ সহ এটি আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰে দুই চোৰক।

ধৃত চোৰ দুজনৰ জিম্মাৰ পৰা এখন চিলিং ফেন , দুটা চিচিটিভি কেমেৰা আৰু কেমেৰাৰ কেৱল উদ্ধাৰ কৰিছে। ধৃত দুই চোৰ চুলতান আলী আৰু চত্তৰ আলী। উল্লেখ্য যে ধৃত দুই চোৰে দীৰ্ঘদিন ধৰি অঞ্চলটোত চুৰি কাণ্ড সংঘটিত কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande