ভাৰত স্কাউট এণ্ড গাইডৰ উদ্যোগত পাঁচ দিনীয়া গ্ৰীষ্মকালীন শিবিৰৰ শুভাৰম্ভ
নগাঁও, ০২ জুলাই (হি.স.)। ভাৰত স্কাউট এণ্ড গাইডৰ উদ্যোগত লাহৰিঘাটত পাঁচ দিনীয়া গ্ৰীষ্মকালীন শিবিৰৰ শুভাৰম্ভ। ভাৰত স্কাউট এণ্ড গাইডৰ উদ্যোগত আজি পাঁচ দিনীয়া গ্ৰীষ্মকালীন শিবিৰৰ শুভাৰম্ভ কৰা হয়। আজিৰ পৰা আৰম্ভ হোৱা এই শিবিৰ অহা ৬ জুলাইলৈকে চলিব। স্কাউ
ভাৰত স্কাউট এণ্ড গাইডৰ উদ্যোগত পাঁচ দিনীয়া গ্ৰীষ্মকালীন শিবিৰৰ শুভাৰম্ভ


নগাঁও, ০২ জুলাই (হি.স.)। ভাৰত স্কাউট এণ্ড গাইডৰ উদ্যোগত লাহৰিঘাটত পাঁচ দিনীয়া গ্ৰীষ্মকালীন শিবিৰৰ শুভাৰম্ভ। ভাৰত স্কাউট এণ্ড গাইডৰ উদ্যোগত আজি পাঁচ দিনীয়া গ্ৰীষ্মকালীন শিবিৰৰ শুভাৰম্ভ কৰা হয়। আজিৰ পৰা আৰম্ভ হোৱা এই শিবিৰ অহা ৬ জুলাইলৈকে চলিব। স্কাউট এণ্ড গাইডৰ অন্তৰ্গত ছাত্ৰ-ছাত্ৰী সকলৰ সক্ৰিয় অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা এই শিবিৰৰ মূল উদ্দেশ্য হৈছে শিক্ষাৰ্থী সকলৰ মানসিক, শৈক্ষিক আৰু শাৰীৰিক বিকাশ সাধন কৰা।

বিভিন্ন শিক্ষামূলক, শাৰীৰিক অনুশীলন, নেতৃত্বৰ বিকাশ, শৃংখলা, দলীয় সহযোগিতা আৰু ব্যক্তিত্ব গঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰতি বছৰে এই গ্ৰীষ্মকালীন শিবিৰৰ আয়োজন কৰা হয়। শিবিৰ খনৰ জৰিয়তে শিক্ষাৰ্থী সকলে নতুন অভিজ্ঞতা আহৰণ কৰাৰ লগতে আত্মবিশ্বাস বৃদ্ধি, নেতৃত্বৰ গুণ বিকাশ আৰু সমাজমুখী মনোভাৱ গঢ়ি তোলাৰ এক সুন্দৰ সুযোগ লাভ কৰিব বুলি আয়োজক সকলে আশা প্ৰকাশ কৰে।

উক্ত শিবিৰৰ শুভাৰম্ভ কৰে লাহৰিঘাট সমজিলা আয়ুক্ত শিল্পীকা কলিতাই। লগতে উপস্থিত থাকে ভাৰত স্কাউড এণ্ড গাইডৰ জিলা সম্পাদক আজহাৰ উদ্দীন,সহকাৰী প্ৰশিক্ষণ আয়ুক্ত কামৰুজ জামান, আপদা মিত্ৰ আৰু ভাৰত স্কাউড এণ্ড গাইডৰ মৈৰাবাৰী আঞ্চলিক সমিতিৰ প্ৰশিক্ষক হাৰুণ আল ৰচিদ, মৈৰাবাৰী আঞ্চলিক সমিতিৰ সভাপতি আমিনুল হককে আদি কৰি অন্যান্য কেইবাজনো গণ্য মান্য ব্যক্তি সকল।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande