
ধুবুৰী, ০২জুলাই (হি.স.)। পঞ্জাৱৰ পৰা খোজকাঢ়ি ধুবুৰীৰ গুৰুদ্বাৰত উপস্থিত ২৮ বছৰীয়া যুৱক জছপ্ৰীত সিং।
গুৰু সেৱাই পৰম ধৰ্ম-এই উদ্দেশ্য আগত ৰাখিয়েই সূদূৰ পঞ্জাৱৰ পৰা ধুবুৰীৰ গুৰুদ্বাৰ লৈ খোজকাঢ়ি উপস্থিত হৈছে পঞ্জাৱৰ লুধিয়ানাৰ ২৮ বছৰীয়া যুৱক জছপ্ৰীত সিং।
২০২৫ বৰ্ষৰ ১ ডিচেম্বৰত পঞ্জাৱৰ পৰা আৰম্ভ কৰিছিল তেওঁৰ পদযাত্ৰা।
দেশ-বিদেশৰ বিভিন্ন গুৰুদ্বাৰ পৰিদৰ্শন কৰি গুৰুৰ সেৱা কৰি ভাল পোৱা জছপ্ৰীত সিঙে ধুবুৰীৰ গুৰুদ্বাৰত দুদিন থাকি শনিবাৰে টাৱাং আৰু মনচুকাৰ উদ্দেশ্যে ৰাওণা হ'ব।
প্ৰতিদিনে পুৱা ৪ বজাৰ পৰা পৰা আৰম্ভ কৰা তেওঁৰ এই পদযাত্ৰা নিতৌ সন্ধিয়া ৭ বজাত অন্ত পেলাইছিল। দৈনিক তেওঁ ৩০-৩৫ কিল'মিটাৰ খোজ কঢ়াৰ কথা কয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা