
ৱাৰ্ছ, ০২ জুলাই (হি.স.)। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইউক্ৰেইনৰ বিতৰ্কিত জাতীয়তাবাদী নেতাসকলক সন্মান জনাই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমাইৰ জেলেনস্কিয়ে ৰাষ্ট্ৰীয় স্মৃতিসৌধ স্থাপনৰ পদক্ষেপক সমালোচনা কৰিছে পোলেণ্ডে। ইয়াৰ ফলত দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পোৱা যেন লাগে। ইউক্ৰেইনত নব্য নাজী মতাদৰ্শৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ কথা উল্লেখ কৰি ইজৰাইল আৰু ৰাছিয়াই এই পদক্ষেপক সমালোচনা কৰিছে।
পোলেণ্ডৰ ৰাষ্ট্ৰপতি কেৰল নাভ্ৰটস্কিৰ কাৰ্যালয়ে অভিযোগ কৰে যে ইউক্ৰেইনৰ এই পদক্ষেপে দুয়োখন দেশৰ মাজত ঐতিহাসিক বিবাদ আৰু অধিক গভীৰ কৰি তুলিব। ৰাষ্ট্ৰপতিৰ মুখপাত্ৰ ৰাফাল লেস্কেভিচে কয় যে এই পদক্ষেপ ইউক্ৰেইন কৰ্তৃপক্ষৰ “ক্ৰমবৰ্ধমান কাৰ্য্য”ৰ ধাৰাবাহিকতা।
বুধবাৰে ইউক্ৰেইনৰ সংসদে সৰ্বসন্মতিক্ৰমে “অসাধাৰণ ইউক্ৰেইনীয়সকলৰ বাবে স্মৃতিসৌধ” স্থাপনৰ বিধেয়কত অনুমোদন জনায়। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ইউক্ৰেইনৰ বিতৰ্কিত জাতীয়তাবাদী নেতা আন্দ্ৰেই মেলনিক আৰু তেওঁৰ পত্নী ছফিয়া ফেডাক-মেলনিকৰ মৃতদেহ ৰাজ্যিকভাৱে পুনৰ সমাধিস্থ কৰাত অংশগ্ৰহণ কৰিছিল।
আন্দ্ৰেই মেলনিক আছিল অৰ্গেনাইজেচন অৱ ইউক্ৰেইনিয়ান নেচনেলিষ্টছ (OUN)ৰ অন্যতম বিশিষ্ট নেতা। ঐতিহাসিক নথি অনুসৰি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁৰ নাজী জাৰ্মানীৰ সৈতে সম্পৰ্ক আছিল যদিও পিছলৈ তেওঁৰ আৰু নাজী নেতৃত্বৰ মাজত মতানৈক্যৰ সৃষ্টি হয়।
পোলেণ্ডৰ প্ৰতিৰক্ষা মন্ত্ৰী ৱলাডিছলাভ ক’চিনিয়াক-কামিছে কয় যে যেতিয়ালৈকে ইউক্ৰেইনে অ’এনএৰ নেতা ষ্টেপান বাণ্ডেৰাৰ দৰে বিতৰ্কিত ব্যক্তিক মহিমামণ্ডিত কৰি থাকিব, তেতিয়ালৈকে ইউৰোপীয় ইউনিয়নৰ সদস্যপদৰ পিছত লগাটো প্ৰত্যাহ্বানমূলক হৈ থাকিব।
ইজৰাইলৰ বৈদেশিক মন্ত্ৰালয়েও আন্দ্ৰেই মেলনিকক প্ৰদান কৰা ৰাষ্ট্ৰীয় সন্মানক লৈ আপত্তি প্ৰকাশ কৰিছে। আনহাতে ৰাছিয়াই এই সিদ্ধান্তক সমালোচনা কৰি ইউক্ৰেইনত নব্য নাজী মতাদৰ্শৰ প্ৰভাৱ বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰিছে।
এই সমালোচনাৰ সন্দৰ্ভত ইউক্ৰেইনৰ পৰা কোনো আনুষ্ঠানিক সঁহাৰি পোৱা নাই। ইউক্ৰেইনৰ কিছুমান জাতীয়তাবাদী গোটে অ’ ইউ এন আৰু ইউ পি এক ছোভিয়েট শাসনৰ বিৰুদ্ধে স্বাধীনতাৰ সংগ্ৰামৰ প্ৰতীক বুলি গণ্য কৰাৰ বিপৰীতে পোলেণ্ড, ইজৰাইল আৰু বহু ইতিহাসবিদে এই সংগঠনসমূহৰ ভূমিকাক লৈ গুৰুতৰ সংশয় প্ৰকাশ কৰিছে।
মন কৰিবলগীয়া যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইউক্ৰেইনৰ জাতীয়তাবাদী সংগঠন (OUN)ৰ সশস্ত্ৰ শাখা ইউক্ৰেইনৰ বিদ্ৰোহী সেনাই বৰ্তমানৰ পশ্চিম ইউক্ৰেইনৰ অংশত সংখ্যালঘু লোকক গণহত্যা কৰিছিল। ভলহিনিয়া হত্যাকাণ্ড নামেৰে জনাজাত ইউ পি এৰ উগ্ৰপন্থীয়ে কমেও এক লাখ পোলেণ্ডৰ সাধাৰণ নাগৰিকক হত্যা কৰে।
নুৰেমবাৰ্গ ট্ৰাইলৰ নথি অনুসৰি ১৯২৯ চনত মেলনিকে অ’ ইউ এনৰ সহ-প্ৰতিষ্ঠাপক হৈছিল আৰু ১৯৩৮ চনত ইয়াৰ নেতা হৈছিল।ছোভিয়েট ইউনিয়নৰ ওপৰত পৰিকল্পিত আক্ৰমণৰ পূৰ্বে তেওঁ নাজী জাৰ্মানীৰ সামৰিক চোৰাংচোৱা সেৱা এবৱেহৰৰ সৈতেও সম্পৰ্ক স্থাপন কৰিছিল। তেওঁ এডলফ হিটলাৰক ইউক্ৰেইনৰ ৱাফেন-এছ এছ বিভাগ গঠন কৰিবলৈ আহ্বান জনায় যদিও পিছলৈ নাজী নেতাজনৰ সৈতে তেওঁৰ সম্পৰ্ক অৱনতি ঘটে আৰু ১৯৪৪ চনত তেওঁক কাৰাগাৰত ভৰোৱা হয়।দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পিছত মেলনিক লাক্সেমবাৰ্গত বসতি স্থাপন কৰে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ