
নলবাৰী, ০২জুলাই (হি.স.)। এইবাৰ প্ৰতিবাদ মুখৰ হৈ পৰিল চৰকাৰী শিক্ষানুষ্ঠানৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। নলবাৰীত প্ৰতিবাদ সাব্যস্ত কৰিলে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে। সদৌ অসম চতুৰ্থ শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰীৰ সন্থাই আজি নলবাৰীৰ দেবীৰাম পাঠশালাত এখনি প্ৰতিবাদী সভা অনুষ্ঠিত কৰি সাব্যস্ত কৰে প্ৰতিবাদ।
অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা চৰকাৰী বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক নৈশ চকীদাৰৰ দায়িত্ব পালন কৰিবলৈ এক নিৰ্দেশনা জাৰি কৰাৰ পিছতে এইদৰে প্ৰতিবাদ মুখৰ হৈ পৰিল নলবাৰী জিলাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকল। দিনৰ কামৰ বাবে নিয়োজিত বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলে কোনো কাৰণতে নৈশ চকীদাৰৰ দায়িত্ব পালন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি চৰকাৰক এই সম্পৰ্কত পুনৰ বিবেচনা কৰিবলৈ দাবী উত্থাপন কৰিছে। এইদৰে আজি নলবাৰীৰ দেবীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলে মিলিত হৈ সাব্যস্ত কৰিলে প্ৰতিবাদ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা