
গুৱাহাটী, ০২ জুলাই (হি.স.)। যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে উত্তৰ-পূব সীমান্ত ৰেলৱেই বৰ্তমান অব্যাহত চলাচলৰ দিন, সময়, ষ্টপেজ আৰু গঠন অনুসৰি এখন বিশেষ ৰে’লৰ সময়সীমা বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।
ৰে’ল নং ০৮০৪৭/০৮০৪৮ (সাঁতৰাগাছি–নাহৰলাগুন–সাঁতৰাগাছি) বিশেষ ৰে’লখন ০৩ জুলাইৰ পৰা ০১ আগষ্ট, ২০২৬ পৰ্যন্ত প্ৰতিটো দিশত ০৫ টা ট্ৰিপৰ বাবে সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এই বিশেষ ৰে’ল খনৰ সম্প্ৰসাৰণে ব্যস্ত ভ্ৰমণৰ সময়চোৱাত পশ্চিমবংগ, অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত ভ্ৰমণ কৰা যাত্ৰী সকলৰ বাবে উন্নত সংযোগ ব্যৱস্থা নিশ্চিত হোৱাৰ লগতে অধিক সুবিধাজনক ভ্ৰমণৰ সুযোগ উপলব্ধ হ'ব।
এন এফ আৰৰ চি পি আৰ অ’ কপিঞ্জল কিশোৰ শৰ্মাই আজি কয় যে সেই অনুসৰি, বিশেষ ৰে’ল নং ০৮০৪৭ (সাঁতৰাগাছি – নাহৰলগুন) ০৩ জুলাইৰ পৰা ৩১ জুলাই, ২০২৬ পৰ্যন্ত প্ৰতি শুক্ৰবাৰে সাঁতৰাগাছিৰ পৰা সন্ধিয়া ১৮:০০ বজাত যাত্ৰা আৰম্ভ কৰি পিছদিনা ২০:৫০ বজাত নাহৰলাগুনত গৈ উপস্থিত হ’ব। ওভোতনি যাত্ৰাৰ দিশত, বিশেষ ৰে’ল নং ০৮০৪৮ (নাহৰলগুন – সাঁতৰাগাছি) ০৪ জুলাইৰ পৰা ০১ আগষ্ট, ২০২৬ পৰ্যন্ত প্ৰতি শনিবাৰে নাহৰলাগুনৰ পৰা ২৩:৫৫ বজাত যাত্ৰা আৰম্ভ কৰি সোমবাৰে ০৪:১৫ বজাত সাঁতৰাগাছিত গৈ উপস্থিত হ’ব।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ