
বাক্সা, ০২ জুলাই (হি.স.)। বাক্সা জিলাৰ মুছলপুৰ স্বাস্থ্য খণ্ডৰ অন্তৰ্গত টুপলীয়া-বাগানপাৰা প্ৰাথমিক চিকিৎসালয়ত এম্বুলেঞ্চ মুকলি কৰে মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে।
মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ একান্ত প্ৰচেষ্টাত এন আৰ এল এ প্ৰদান কৰে এম্বুলেঞ্চ।
অনুষ্ঠানত উপস্থিত থাকে বাক্সা জিলাৰ আয়ুক্ত কিমনেই চাংচন, জেষ্ঠ্য আৰক্ষী অধীক্ষক উজ্বল প্ৰতীম বৰুৱা,স্বাস্থ্য বিভাগৰ যুতীয়া সঞ্চালক হিতেশ কাকতিৰ লগতে বাগানপাৰা অঞ্চলৰ ৰাইজ।
চৰকাৰী শিক্ষানুষ্ঠান সমূহৰ ইউনিৰ্ফম বিতৰ্কক লৈ মন্তব্য আগবঢ়ায় মন্ত্ৰী গৰাকীয়ে।
সমস্যাৰ সমাধান কৰাৰ বাবে বৰ্তমান চৰকাৰ খনে চেষ্টা চলায় আহিছে। সমস্যা দেখিলে পৰামৰ্শ দিয়াৰ আহ্বান জনায় মন্ত্ৰীগৰাকীৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা