
নলবাৰী, ০২ জুলাই (হি.স.)। টিহুৰ সমীপৰ সন্ধেলী - মাক্ৰাপাৰত অচিৰেই উন্মুক্ত মথাউৰি মেৰামতিৰ আশ্বাস চন্দ্ৰমোহন পাটোৱাৰীৰ ।অতি শীঘ্ৰে নিৰ্মান হ'ব টিহুৰ সমীপৰ সন্ধেলী - মাক্ৰাপাৰৰ উন্মুক্ত মথাউৰি ৷ নেৰানেপেৰা বৰষুণ আৰু
ভূটানৰ পৰা নামি অহা বাঢ়নি পানীয়ে প্ৰৱল বানৰ সৃষ্টি কৰা টিহুৰ সমীপৰ মৰা পাগলাদিয়া নদীৰ মাক্ৰাপাৰ - সন্ধেলিৰ উন্মুক্ত মথাউৰি অতি শীঘ্ৰে নিৰ্মানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে টিহু সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷
বৃহস্পতিবাৰে সমষ্টিটোৰ হাৰিভাঙ্গা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষন মহা অভিযানত অংশ গ্ৰহন কৰি প্ৰাক্তন মন্ত্ৰী তথা টিহুৰ বিধায়ক গৰাকীয়ে বানাক্ৰান্তক বান সাহাৰ্য প্ৰদান কৰি থকাৰ কথাও জানিব দিয়ে ৷ উল্লেখ্য যে মথাউৰি মেৰামতিৰ বিসংগতিৰ ফলত সন্ধেলী-মাক্ৰাপাৰত মৰাপাগলদিয়া নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছিল বিস্তীৰ্ণ অঞ্চল । বৃহৎ অংশ মথাউৰি মেৰামতিৰ কাম নকৰাৰ ফলত দুৰ্ভোগ ভূগিব লগীয়া হৈছে অঞ্চলটোৰ ৰাইজে । এতিয়া বান পৰিস্থিতি কিছু স্বাভাৱিক হৈছে যদিও দুৰ্দশা আতৰা নাই বানাক্ৰান্তৰ । এনে সময়তে অতি কম দিনৰ ভিতৰতে উন্মুক্ত মথাউৰি মেৰামতিৰ আশ্বাস দিয়ে স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা