
নগাঁও, ০২ জুলাই (হি.স.)। বিন্নাকান্দি সমষ্টিৰ ডবকাত অসম জাতীয় পৰিষদৰ বুথ সন্মিলন কাৰ্যসূচী।
বুথ সন্মিলনত উপস্থিত থাকে দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ।
সহস্ৰাধিক দলীয় কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত সভাত আগন্তুক দিনত দলটোক আগুৱাই নিয়াৰ বাবে ৰণকৌশল প্ৰস্তুত কৰা হয়।
সন্মিলনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিন্নাকান্দিৰ বিধায়কক ক্ষুৰধাৰ সমালোচনা লুৰীণজ্যোতি গগৈৰ।
আনহাতে এক দেশ এক নিৰ্বাচন প্ৰসংগতো মন্তব্য সভাপতি গৰাকীৰ।
২০২৯ ত পুনৰ নিৰ্বাচন হব পাৰে বুলি উল্লেখ কৰি দলীয় কৰ্মীক সাজু থাকিবলৈ আহ্বান জনায় লুৰীণজ্যোতি গগৈয়ে।
এক দেশ এক নিৰ্বাচন অনাৰ আগতে বিষয়টোকলৈ মুকলি আলোচনা হোৱাৰ প্ৰয়োজন বুলি মত ব্যক্ত কৰে অঃজাঃপঃৰ সভাপতি গৰাকীয়ে
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা