শিলচৰত লাভ জিহাদৰ ঘটনা, ধৰ্ম গোপনে ৰাখি হিন্দু নাবালিকাৰ সৈতে প্ৰেম,দোষীক কৰায়ত্ব কৰি আৰক্ষীক গতালে বজৰং দলে
কাছাৰ, ০২ জুলাই (হি.স.)। লাভ জিহাদৰ গুৰুতৰ অভিযোগত শিলচৰত এজন যুৱকক উত্তম-মধ্যম শোধাই আৰক্ষীৰ হাতত গতাই দিছে বজৰং দলৰ সদস্যসকলে। চহৰখনৰ গোলদিঘী মলৰ এটা চিনেমা হলত বজৰং দলে এক অভিযান চলাই যুৱক জনক কৰায়ত্ত কৰে। অভিযোগ অনুসৰি, শিলচৰ দুধপাতিল অঞ্চলৰ স
শিলচৰত লাভ জিহাদৰ ঘটনা, ধৰ্ম গোপনে ৰাখি হিন্দু নাবালিকাৰ সৈতে প্ৰেম,দোষীক কৰায়ত্ব কৰি আৰক্ষীক গতালে বজৰং দলে


কাছাৰ, ০২ জুলাই (হি.স.)। লাভ জিহাদৰ গুৰুতৰ অভিযোগত শিলচৰত এজন যুৱকক উত্তম-মধ্যম শোধাই আৰক্ষীৰ হাতত গতাই দিছে বজৰং দলৰ সদস্যসকলে। চহৰখনৰ গোলদিঘী মলৰ এটা চিনেমা হলত বজৰং দলে এক অভিযান চলাই যুৱক জনক কৰায়ত্ত কৰে।

অভিযোগ অনুসৰি, শিলচৰ দুধপাতিল অঞ্চলৰ সুজয় বৰভূঞা নামৰ এজন মুছলমান যুৱকে নিজৰ ধৰ্মীয় পৰিচয় গোপন ৰাখি এজনী হিন্দু নাবালিকাৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল। নিজকে হিন্দু বুলি চিনাকি দি যুৱকজনে দীৰ্ঘদিন ধৰি নাবালিকা গৰাকীৰ সৈতে প্ৰেমৰ অভিনয় কৰাই নহয়, একাধিকবাৰ শাৰীৰিক সম্পৰ্কও স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে।

এই সন্দৰ্ভত খবৰ লাভ কৰাৰ পিছতেই বজৰং দলৰ কৰ্মীসকল সক্ৰিয় হৈ পৰে আৰু অভিযানত নামে। গোলদিঘী মলৰ চিনেমা হলত নাবালিকা গৰাকীৰ সৈতে চিনেমা চাই থকা অৱস্থাতে বজৰং বাহিনীয়ে যুৱকজনক হাতে-লোটে পাকড়াও কৰে। চিনেমা হলৰ ভিতৰতে উত্তেজিত বজৰং বাহিনীৰ সদস্য সকলে যুৱকজনক লপাথপা দিয়ে। পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হয় আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক নিজৰ জিম্মাত লয়। চহৰখনত এই ঘটনাই বৰ্তমান তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande