গোৱালপাৰাত বন বিভাগৰ অভিযানত বৃহৎ পৰিমাণৰ অবৈধ ফলাকাঠ জব্দ
গোৱালপাৰা, ০২ জুলাই (হি.স.)। বনমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই বিভিন্ন জিলাৰ লগতে গোৱালপাৰাৰ লক্ষীপুৰতো বন বিভাগে অবৈধ কাঠৰ বিৰুদ্ধে ব্যাপক অভিযান চলায়। আজি লক্ষীপুৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মীৰ দলে কালজানী বজাৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ফলা
গোৱালপাৰাত বন বিভাগৰ অভিযানত বৃহৎ পৰিমাণৰ অবৈধ ফলাকাঠ জব্দ


গোৱালপাৰা, ০২ জুলাই (হি.স.)। বনমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই বিভিন্ন জিলাৰ লগতে গোৱালপাৰাৰ লক্ষীপুৰতো বন বিভাগে অবৈধ কাঠৰ বিৰুদ্ধে ব্যাপক অভিযান চলায়। আজি লক্ষীপুৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মীৰ দলে কালজানী বজাৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ফলাকাঠ জব্দ কৰিবলৈ সক্ষম হয় ।

একাংশ অসাধু ব্যৱসায়ীয়ে বজাৰ খনত দীৰ্ঘদিন ধৰি অবৈধ কাঠৰ দোকান খুলি ব্যৱসায় চলাই গৈছে । এই খবৰ বন বিভাগে লাভ কৰি অভিযান চলাই বৃহৎ পৰিমাণৰ ফলাকাঠ জব্দ কৰে । অৱশ্যে বনকৰ্মীৰ দলক দেখা পাই অবৈধ কাঠৰ ব্যৱসায়ী সকলে পলায়ন কৰে ।

/ Ramen Barman


 rajesh pande