ক্ষেত্ৰীত ‘বিকশিত ভাৰত ৰোজগাৰ গেৰাণ্টী আৰু জীৱিকা মিছন (গ্ৰামীণ)’ৰ শুভ উদ্বোধন
গুৱাহাটী, ০২ জুলাই (হি.স.)। ক্ষেত্ৰীত ‘বিকশিত ভাৰত ৰোজগাৰ গেৰাণ্টী আৰু জীৱিকা মিছন (গ্ৰামীণ)’ৰ শুভ উদ্বোধন। কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ক্ষেত্ৰী ৰাজহুৱা প্ৰেক্ষাগৃহত আজিৰে পৰা ‘বিকশিত ভাৰত ৰোজগাৰ গেৰাণ্টী আৰু জীৱিকা মিছন, গ্ৰা
ক্ষেত্ৰীত ‘বিকশিত ভাৰত ৰোজগাৰ গেৰাণ্টী আৰু জীৱিকা মিছন (গ্ৰামীণ)’ৰ শুভ উদ্বোধন


ক্ষেত্ৰীত ‘বিকশিত ভাৰত ৰোজগাৰ গেৰাণ্টী আৰু জীৱিকা মিছন (গ্ৰামীণ)’ৰ শুভ উদ্বোধন


গুৱাহাটী, ০২ জুলাই (হি.স.)। ক্ষেত্ৰীত ‘বিকশিত ভাৰত ৰোজগাৰ গেৰাণ্টী আৰু জীৱিকা মিছন (গ্ৰামীণ)’ৰ শুভ উদ্বোধন। কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ক্ষেত্ৰী ৰাজহুৱা প্ৰেক্ষাগৃহত আজিৰে পৰা ‘বিকশিত ভাৰত ৰোজগাৰ গেৰাণ্টী আৰু জীৱিকা মিছন, গ্ৰামীণ’ (VB-RAM G) আঁচনি খন কামৰূপ মহানগৰ জিলা ভিত্তিত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। লগতে জিলা ভিত্তিক জন সন্মিলন তথা অনুষ্ঠান সম্প্ৰচাৰণ কৰা হয়।

এই শুভ উদ্বোধনী কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আঁচনি খনৰ শুভ উদ্বোধন কৰে ডিমৰীয়া সমষ্টিৰ বিধায়ক ড° তপন দাসে।

শুভ উদ্বোধন কৰি বিধায়ক ড° দাসে কয় যে কামৰূপ মহানগৰ জিলাত আজিৰে পৰা এই গুৰুত্বপূৰ্ণ আঁচনিৰ শুভাৰম্ভ কৰা হৈছে। এই আঁচনিৰ যোগেদি ‘বিকশিত ভাৰত ২০৪৭’ ৰ যি পৰিকল্পনা, তাক বাস্তৱায়িত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লোৱা সৱল পদক্ষেপক তেওঁ প্ৰশংসা কৰে।

বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা আজিৰ এই অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ মুখ্য কাৰ্য্যবাহী বিষয়া আৰু ডিমৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া,চন্দ্ৰপুৰ উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়াকে মুখ্য কৰি বিভিন্ন বিভাগৰ বিষয়া উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande