
শ্ৰীনগৰ, ০২ জুলাই (হি.স.)। জম্মু কাশ্মীৰৰ পিপলছ ডেমোক্ৰেটিক পাৰ্টী (পিডিপি) ৰ অধ্যক্ষ মহবূবা মুফ্তীয়ে ইৰাণৰ প্ৰয়াত সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইক শেষ শ্ৰদ্ধা জনাবলৈ তেহৰানলৈ যাব।
ইৰাণৰ সৰ্বোচ্চ নেতাৰ কাৰ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিভাগৰ সঞ্চালক মহচেন কুম্মিয়ে ভাৰতৰ বিশেষ অতিথি হিচাপে অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ মেহবুবাক আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাইছে।
পিডিপিৰ সভাপতিগৰাকীয়ে কয় যে ইৰাণৰ পৰা এই আমন্ত্ৰণ লাভ কৰাটো এক বৃহৎ সন্মান আৰু জীৱনত এবাৰ পোৱা সুযোগ। মই তালৈ যাত্ৰা কৰিম সৰ্বোচ্চ নেতাক শেষ শ্ৰদ্ধাঞ্জলি জনাম।
আমন্ত্ৰণ পত্ৰখনত কোৱা হৈছে যে, “২৮ ফেব্ৰুৱাৰীত গ্ৰেণ্ড আয়াতুল্লাহ ছায়েদ আলী খামেনেইক হত্যা কৰা হৈছিল, আৰু ৰাষ্ট্ৰীয় শোককাল আৰু ইছলামিক ৰিপাব্লিকৰ প্ৰট’কল অনুসৰি ৩ জুলাইৰ পৰা ৬ জুলাইলৈকে তেহৰাণত ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠিত কৰা হ’ব।”
মেহবুবা মুফতীলৈ প্ৰেৰণ কৰা পত্ৰখনত লিখা আছে, ইৰাণ আৰু ভাৰত গণৰাজ্যৰ মাজত যি গভীৰ ঐতিহাসিক আৰু কৌশলগত সম্পৰ্ক বিদ্যমান, তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত ৰাষ্ট্ৰৰ বিশিষ্ট অতিথি হিচাপে আপোনাক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাটো মোৰ গভীৰ সন্মান। আপোনাৰ উপস্থিতিয়ে আমাৰ দুয়োখন মহান প্ৰাচীন সভ্যতাৰ মাজত থকা গভীৰ বন্ধুত্ব আৰু পাৰস্পৰিক সন্মানৰ সাক্ষ্য হ'ব।
সূচী অনুসৰি ৩ জুলাইত তেহৰাণৰ ইমাম খোমেইনী গ্ৰেণ্ড মোছাল্লা কমপ্লেক্সত নেতাগৰাকীক চূড়ান্ত বিদায় দিয়াৰ পিছত পিছদিনা স্মৃতিচাৰণ সভা আৰু ৬ জুলাইত অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠিত হ’ব ।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ