
বঙাইগাও, ০২জুলাই (হি.স.)। অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে ৰাজ্যজুৰি ‘এক্সন মুড’ত বন বিভাগ।
যোগীঘোপাত অবৈধ কাঠৰ দোকানৰ বিৰুদ্ধে বন বিভাগৰ অভিযান।
যোগীঘোপাৰ মালেগড় বজাৰত বন বিভাগে অভিযান চলাই জব্দ কৰে বহু মূল্যবান কাঠ।
অভয়াপুৰী আঞ্চলিক বন বিষয়া শংকৰ ৰায়ৰ নেতৃত্বত বন কৰ্মীয়ে অভিযান চলাই জব্দ কৰে অবৈধ কাঠৰ দোকান।
বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ শাল, চেগুন আদি মুল্যবান কাঠ।
বন বিভাগৰ অভিযানৰ উমান পাই পলায়ন অবৈধ কাঠৰ দোকানৰ গৰাকী।
উল্লেখ্য যে, বনমন্ত্ৰীৰ ঘোষণাৰ পিছতে তৎপৰতা অৱলম্বন বন বিভাগৰ।
এটা সপ্তাহৰ ভিতৰত ১০০ শতাংশ অবৈধ কাঠফলা মিল বন্ধ হ’ব লাগিব বুলি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ঘোষণা কৰিছিল।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা