
মৰিগাঁও, ০২ জুলাই (হি.স.)। এশিঙিয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্যত উদযাপন কৰা হয় বন মহোৎসৱ ২০২৬ ৷ সেই উপলক্ষে আজি ৰাজ্যৰ বন তথা পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত হৈ পবিতৰা অভয়াৰণত গছপুলি ৰোপণ কৰে ৷ মন্ত্ৰী গৰাকীৰ লগতে বিভাগীয় আন আন বিষয়া সকলে ৰোপণ কৰে মুঠ ৭৭ জোপা গছপুলি ৷ ইয়াৰ লগে লগে মন্ত্ৰী গৰাকীয়ে বন বিভাগৰ চাৰিটাকৈ নতুন আঁচনিৰ বিষয়ে অবগত কৰে ৷
ইয়াৰে অহা ১০ আগষ্টৰ পৰা “বৃক্ষ বন্ধু” আঁচনিৰ অধিনত ১০ লাখ ছাত্ৰ ছাত্ৰীৰ জড়িয়তে ৰাজ্যত ১ কোটি গছপুলি ৰোপণৰ লক্ষ্য ৷ এই আঁচনিত গছপুলি সমূহ চোৱাচিতাৰ বাবে এগৰাকী জব কাৰ্ড কৰ্মীকো জড়িত কৰাৰ কথা উল্লেখ কৰে ৷ আনহাতে স্বাধীনতা দিৱস উপলক্ষে “ফলবাৰী” নামৰ আন এক আঁচনি ঘোষণা কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷ অসমৰ থলুৱা প্ৰজাতিৰ ফলমূল সমূহ সংৰক্ষণৰ উদ্দেশ্যে এই আঁচনি গ্ৰহণ কৰিছে ৰাজ্যৰ বন বিভাগে ৷
আনহাতে “জন্মদিন সেউজ শপত উদ্যান” নামেৰে ৰাজ্যৰ প্ৰতিটো ৰেঞ্জ অফিচত এখন উদ্যান স্থাপনৰ লক্ষ্য লৈছে বন বিভাগে ৷ বন বিভাগে চোৱাচিতা কৰা এই উদ্যানত সকলোৱে নিজৰ জন্মদিনত এজোপাকৈ গছপুলি ৰোপণ কৰি পৰিৱেশ সেউজীয়া কৰাত সহায় কৰিব ৷ একেদৰে ৰাজ্যৰ চৰ চাপৰি সমূহ বনাঞ্চললৈ ৰূপান্তৰিত কৰাৰ বাবেও এক বিশেষ আঁচনি গ্ৰহণ কৰিছে বন বিভাগে ৷ “চৰ চাপৰি সেউজকৰণ আঁচনি”ৰ অধীনত ৰাজ্যৰ চৰ সমূহত পৰিৱেশ অনুযায়ী বিভিন্ন গছৰ গুটি দ্ৰোণৰ সহয়াত চটিয়াই চৰাঞ্চল সমূহক বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ প্ৰয়াস কৰা হ’ব ৷
আনহাতে আগন্তুক বাজেট অধিৱেশনৰ জড়িয়তে পূৰ্বৰ দৰে এইবাৰো অসমৰ ৰাইজৰ সকলো দিশৰ উন্নয়ন, বিকাশ আৰু কল্যাণৰ বাবে বাজেট নিৰ্ণয় কৰা হ’ব ৷ অবশ্যে এইবাৰ বাজেটত কোনো নতুন কৰ কাটল আৰোপ কৰা নহয় বুলি এক ইংগিত প্ৰদান কৰে ৰাজ্যৰ বন তথা পৰিৱেশ আৰু বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷
হিন্দুস্থান সমাচাৰ / Narayan Kar