
ডুবাই, ০২ জুলাই (হি.স.): ডুবাইত ১ জুলাইত অনুষ্ঠিত ইউ এ ই লটাৰী (লাকী ডে ড্ৰ’ নম্বৰ ২৬০৭০১)ত এজন ভাগ্যৱান বিজয়ীয়ে ৩ কোটি দিৰহাম (প্ৰায় ৬৮ কোটি ₹) জেকপট লাভ কৰিছে। লটাৰী অপাৰেটৰে নিৰাপত্তা আৰু গোপনীয়তাৰ কাৰণে বিজয়ীৰ সম্পূৰ্ণ নাম প্ৰকাশ কৰা নাই।
গালফ নিউজৰ মতে, অফিচিয়েল ৱেবছাইটত বিজয়ীৰ নাম'সুনীল কু.এছ' আন তিনিজন লোকেও লাকী চান্স শিতানত ৫০,০০০ দিৰহাম (প্ৰায় ১১ লাখ ₹) লাভ কৰে।
ভাগ্যৱান বিজয়ীৰ লুকাই থকা নামটোৱে স্পষ্টকৈ বুজাইছে ইউ এ ইত বসবাস কৰা ভাৰতীয়সকলৰ মাজত সাধাৰণ নাম সুনীল কুমাৰ। ইয়াৰ পূৰ্বে ২০২৫ চনত এজন ভাৰতীয় আই টি পেছাদাৰী ইউ এ ই লটাৰীৰ একমাত্ৰ বিজয়ী হৈ পৰিছিল। ছ’চিয়েল মিডিয়াত মানুহে জল্পনা-কল্পনা কৰিছে যে এইবাৰৰ বিজয়ীজনো ভাৰতৰ।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ