বৰপেটাৰোড আৰক্ষীৰ অভিযানত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন সৰবৰাহকাৰী
বৰপেটা, ০২ জুলাই (হি.স.)। বৰপেটা ৰোড আৰক্ষীৰ অভিযানত নিশা নিষিদ্ধ ড্ৰাগছ সহ আটক এজন সৰবৰাহকাৰী। বৰপেটা ৰোডৰ ভালুকী চ''কত আৰক্ষীয়ে চলোৱা এক অতৰ্কিত অভিযানত ড্ৰাগছ সহ এজন সৰবৰাহকাৰীক আটক কৰিব সক্ষম হয়। আটক কৰা সৰবৰাহকাৰী গৰাকীক বৰপেটা ৰোডৰ ভালুকী
বৰপেটাৰোড আৰক্ষীৰ অভিযানত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন সৰবৰাহকাৰী


বৰপেটা, ০২ জুলাই (হি.স.)। বৰপেটা ৰোড আৰক্ষীৰ অভিযানত নিশা নিষিদ্ধ ড্ৰাগছ সহ আটক এজন সৰবৰাহকাৰী। বৰপেটা ৰোডৰ ভালুকী চ'কত আৰক্ষীয়ে চলোৱা এক অতৰ্কিত অভিযানত ড্ৰাগছ সহ এজন সৰবৰাহকাৰীক আটক কৰিব সক্ষম হয়। আটক কৰা সৰবৰাহকাৰী গৰাকীক বৰপেটা ৰোডৰ ভালুকী চ'কৰ মহিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, এক গোপন সূত্ৰৰ পম খেদি বৰপেটা ৰোড আৰক্ষীৰ এটা দলে আজি ভালুকী চ'কত অভিযান চলাইছিল। এই অভিযানকালতে বৰপেটা ৰোডৰ ভালুকী চ'কৰ মহিদুল ইছলাম নামৰ যুৱক জনক আটক কৰে। অভিযানৰ সময়ত তালাচী চলোৱাত ধৃত যুৱক জনৰ জিম্মাৰ পৰা ২৫ গ্ৰাম ড্ৰাগছ জব্দ কৰাৰ লগতে এখন বাইক, মোবাইল জব্দ কৰা হয়।

ধৃত মহিদুল ইছলামক ইতিমধ্যে আৰক্ষীয়ে আটক কৰি থানালৈ লৈ গৈছে আৰু অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে। এই চক্ৰটোৰ সৈতে আন কোনো লোক জড়িত আছে নেকি, সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। বৰপেটাৰোড আৰক্ষীৰ উক্ত তৎপৰতাক স্থানীয় সচেতন ৰাইজে আদৰণি জনাইছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande