
তামুলপুৰ, ০২জুলাই (হি.স.)। তামুলপুৰ জিলা বিজেপিৰ উদ্যোগত তামুলপুৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰেক্ষাগৃহত ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জন্মজয়ন্তী উপলক্ষে এখন স্মৃতিচাৰণ সভা আৰু কাৰ্যকৰ্তা সন্মিলনৰ আয়োজন কৰা হয়। অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়ায় তামুলপুৰ জিলা বিজেপিৰ সভাপতি ৰাজেশ বড়োৱে। জিলা সাধাৰণ সম্পাদক বাপন দাসে আঁত ধৰা সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ হস্ততাঁত, বস্ত্ৰশিল্প, ৰেচম, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী।
উপস্থিত থাকে গোৰেশ্বৰ বিধান সভা সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাস, জিলা প্ৰভাৰী ভবেশ ডেকা, প্ৰাক্তন এমচিএলএ বাসুদেৱ উপাধ্যায় আৰু হেমন্ত কুমাৰ ৰাভাই বক্তব্য আগবঢ়ায়। ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত বক্তব্য ৰাখি মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে তেওঁৰ আদৰ্শ অনুসৰণ কৰি দল আৰু চৰকাৰৰ জৰিয়তে ৰাইজৰ সেৱা কৰিবলৈ সকলোকে আহ্বান জনায়।
তেওঁ কয় যে ভাৰতীয় পৰম্পৰা, সভ্যতা আৰু সংস্কৃতি সংৰক্ষণ কৰাই মূল লক্ষ্য হ’ব লাগে। লগতে দেশ আৰু দেশৰ সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ আদৰ্শ অনুসৰণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰী গৰাকীয়ে লগতে কয় যে কংগ্ৰেছৰ নীতিত ভাৰতীয় সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত স্পষ্ট দৃষ্টিভংগী নাছিল আৰু সেই পৰিপ্ৰেক্ষিততেই ড° শ্যামা প্ৰসাদ মুখাৰ্জীয়ে দেশৰ স্বাৰ্থত দৃঢ়ভাৱে থিয় দিছিল। আন বক্তা সকলেও ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ জীৱনদৰ্শন, কৰ্মৰাজি আৰু দেশৰ প্ৰতি তেওঁৰ অৱদানৰ ওপৰত আলোকপাত কৰি তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সমাজ আৰু দেশৰ সেৱাত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়।
অনুষ্ঠানত তামুলপুৰ জিলাৰ গোৰেশ্বৰ, দৰংগাজুলি, শুক্লাই, চেৰফাং আৰু বাগানপাৰা মণ্ডলৰ সভাপতি, সম্পাদক, ভাতৃ-ভগ্নী সংগঠনৰ নেতা-কৰ্মীকে ধৰি বহু সংখ্যক দলীয় সদস্য উপস্থিত থাকে। উপস্থিত সকলোৱে ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু