ডিব্ৰুগড়ত প্ৰশাসনৰ উচ্ছেদ অভিযান অব্যাহত
ডিব্ৰুগড়, ০২ জুলাই (হি.স.)। ডিব্ৰুগড়ত প্ৰশাসনৰ উচ্ছেদ অভিযান অব্যাহত, মাৰোৱাৰীপট্টি পূজাঘাটত বুলডোজাৰ অভিযান। ডিব্ৰুগড়ত পুনৰ কঠোৰ উচ্ছেদ অভিযান চলালে জিলা প্ৰশাসনে। মহানগৰীৰ মাজমজিয়াত অৱস্থিত মাৰোৱাৰীপট্টি পূজাঘাট অঞ্চলত প্ৰশাসনে ব্যাপক উচ্ছেদ
ডিব্ৰুগড়ত প্ৰশাসনৰ উচ্ছেদ অভিযান অব্যাহত


ডিব্ৰুগড়, ০২ জুলাই (হি.স.)। ডিব্ৰুগড়ত প্ৰশাসনৰ উচ্ছেদ অভিযান অব্যাহত, মাৰোৱাৰীপট্টি পূজাঘাটত বুলডোজাৰ অভিযান।

ডিব্ৰুগড়ত পুনৰ কঠোৰ উচ্ছেদ অভিযান চলালে জিলা প্ৰশাসনে। মহানগৰীৰ মাজমজিয়াত অৱস্থিত মাৰোৱাৰীপট্টি পূজাঘাট অঞ্চলত প্ৰশাসনে ব্যাপক উচ্ছেদ অভিযান চলাই নৈৰ কাষৰ চৰকাৰী ভূমি বেদখলমুক্ত কৰে।

জানিব পৰা অনুসৰি, দীৰ্ঘদিন ধৰি একাংশ লোকে ঘৰ নিৰ্মাণ কৰি নৈৰ কাষৰ ভূমি দখল কৰি বাস কৰি আহিছিল। এই সন্দৰ্ভত জিলা প্ৰশাসনে একাধিকবাৰ স্থান খালী কৰাৰ জাননী জাৰি কৰিছিল। কিন্তু জাননীৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে আজি বৃহৎ সংখ্যক প্ৰশাসনিক বিষয়া, আৰক্ষী আৰু অন্যান্য কৰ্মচাৰীৰ উপস্থিতিত বুলডোজাৰ ব্যৱহাৰ কৰি উচ্ছেদ অভিযান চলোৱা হয়।

অভিযানৰ জৰিয়তে নৈ কাষৰ বেদখল ভূমি সম্পূৰ্ণৰূপে মুক্ত কৰা হয়। আইন-শৃংখলা ৰক্ষাৰ বাবে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল যদিও সমগ্ৰ অভিযান শান্তিপূৰ্ণভাৱে সম্পন্ন হয় ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande