লাহৰীঘাট পাঞ্জাৱ নেশ্বনেল বেংকৰ সন্মুখত গ্ৰাহক ৰাইজৰ প্ৰতিবাদ
নগাঁও, ০২ জুলাই (হি.স.)। লাহৰীঘাট পাঞ্জাৱ নেশ্বনেল বেংকৰ সন্মুখত গ্ৰাহক ৰাইজৰ প্ৰতিবাদ। শাখা প্ৰৱন্ধকৰ বদলিৰ দাবীত গ্ৰাহক সকলে সাব্যস্ত কৰে প্ৰতিবাদ। বেংক কৰ্মচাৰীৰ গাফিলতি, গ্ৰাহকক কৰা দুৰ্ব্যৱহাৰত অতিষ্ঠ হৈ আজি বেংক কাৰ্যালয়ৰ সন্মুখত হাতে হাতে প
লাহৰীঘাট পাঞ্জাৱ নেশ্বনেল বেংকৰ সন্মুখত গ্ৰাহক ৰাইজৰ প্ৰতিবাদ


নগাঁও, ০২ জুলাই (হি.স.)। লাহৰীঘাট পাঞ্জাৱ নেশ্বনেল বেংকৰ সন্মুখত গ্ৰাহক ৰাইজৰ প্ৰতিবাদ। শাখা প্ৰৱন্ধকৰ বদলিৰ দাবীত গ্ৰাহক সকলে সাব্যস্ত কৰে প্ৰতিবাদ। বেংক কৰ্মচাৰীৰ গাফিলতি, গ্ৰাহকক কৰা দুৰ্ব্যৱহাৰত অতিষ্ঠ হৈ আজি বেংক কাৰ্যালয়ৰ সন্মুখত হাতে হাতে প্লেকাৰ্ড লৈ ভুক্তভোগী গ্ৰাহক সকলে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে, নিজৰ সাঁচতীয়া ধন বেংকৰ পৰা উঠোৱাৰ বাবে তাঁতবাতি কাঢ়ি দিনৰ পিছত দিন পাৰ কৰিব লগা হৈছে গ্ৰাহক সকলে। বেংক শাখা প্ৰৱন্ধকে গ্ৰাহক সকলৰ অভিযোগক গুৰুত্ব দিয়াৰ বিপৰীতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। শীঘ্ৰে বেংক মেনেজাৰক বদলি কৰাৰ দাবী জনাইছে ভুক্তভোগী গ্ৰাহক সকলে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande